ETV Bharat / state

বিজেপিক বৰ্জন কৰাৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ - আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি

চৰকাৰে জনজাতিকৰণৰ নামত জনগোষ্ঠীটোৰ প্ৰতাৰণা কৰি অহা প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । আজি আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ওদালগুৰি, চিৰাং, বাক্সা, শোণিতপুৰ আৰু বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে । অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে বিজেপি বৰ্জন কৰিবলৈ হুংকাৰ প্ৰদান কৰে ৷

বিজেপিক বৰ্জন কৰাৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ

author img

By

Published : Feb 23, 2020, 9:51 PM IST

ওদালগুৰি, 23 ফেব্ৰুৱাৰী : চৰকাৰে জনজাতিকৰণৰ নামত আদিবাসীসকলক প্ৰতাৰণা কৰি অহা প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । দেওবাৰে আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ওদালগুৰি, চিৰাং, বাক্সা, শোণিতপুৰ আৰু বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হয় বিশাল গণ সমাবেশ ।

ভোট দি ভোটৰ বাকচ ভাঙি পেলাম : প্ৰদীপ নাগ

বিজেপি দল ক্ষমতাত আহিলে আদিবাসীসকলক জনজাতি মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেই প্ৰতিশ্ৰুতি আজিলৈ পালন নকৰিলে দলটোৰ নেতৃতাধীন চৰকাৰখনে । চৰকাৰে জনজাতিকৰণৰ নামত জনগোষ্ঠীটোক প্ৰতাৰণা কৰি অহা প্ৰতিবাদত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা । ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । প্ৰতিবাদত উপস্থিত থাকি কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে আমাক জনজাতি মৰ্যদা লাগিবই, মিছা প্ৰতিশ্ৰুতি দিয়া বাদ দিয়ক, আদিবাসী সকলক ৰাজনৈতিক সুৰক্ষা দিয়ক, বিজেপি মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে টংলাৰ আকাশ বতাহ ।

আমাক কোনো সুবিধাই প্ৰদান কৰা হোৱা নাই : প্ৰদীপ নাগ

প্ৰতিবাদৰ নেতৃত্ব দি আছাৰ সভাপতি প্ৰদীপ নাগে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে । বিজেপিয়ে চৰকাৰ গঠন কৰিলে আদিবাসী সকলক জনজাতিৰ মৰ্যদা দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে নেতা জনে । প্ৰদীপ নাগে লগতে কয়, 'আমাক জনজাতিকৰণ নকৰিলে আমি ভোট বৰ্জন নকৰো কিন্তু অনাগত দিনত আমি বিজেপি চৰকাৰক বৰ্জন কৰিবলৈ বাধ্য হ'ম ।'

আমাক আমাৰ প্ৰাপ্য নিদিলে আমি ভোট নিদিওঁ : প্ৰদীপ নাগ

আজিৰ এই প্ৰতিবাদৰ জৰিয়তে আদিবাসীসকলক জনজাতি মৰ্যদা প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে আদিবাসীসকলক ভূমি পট্টা প্ৰদান কৰা, আদিবাসীসকলক ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা, অস্ত্ৰ বিৰতিত থকা আদিবাসী সশস্ৰ সংগঠনৰ সমস্যা স্থায়ী সমাধান কৰা, আদিবাসী উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা, চাহ মজদুৰৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, ১৯৯৬ চনৰ গোষ্ঠী সংঘৰ্ষৰ বলি হোৱা সকলক পুনৰ সংস্থাপনৰ দিয়া, অসমৰ আদিবাসী সকলক অসম চুক্তিৰ ৬ নং দফাৰ জড়িয়তে নিৰাপত্তা দিয়াৰো দাবী জনায় ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.