ETV Bharat / state

বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক বাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ

author img

By

Published : Jan 20, 2020, 5:03 PM IST

অধিৱেশনৰ মুখ্য তোৰণ উন্মোচন কৰে ওদালগুৰিৰ জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ৷ সমান্তৰালকৈ অধিৱেশনৰ মুখ্য ৰভাস্থলী, প্ৰদৰ্শনী, গ্ৰন্থমেলা, ভোজনালয়, প্ৰতিনিধি শিবিৰ আদিৰ দ্বাৰ উন্মোচন কৰা হয় ৷ অধিৱেশনত আদৰণি সমিতি তথা বড়ো সাহিত্য সভাৰ মুঠ ৪০খন গ্ৰন্থ উন্মোচনৰ লগতে ব্যক্তিগত প্ৰকাশনৰ ১০০ৰো অধিক গ্ৰন্থ উন্মোচন কৰা হব বুলি বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সদৰী কৰিছে ৷

59th BODO SAHITYA SABHA
বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক বাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ

ওদালগুৰি, 20 জানুৱাৰীঃ বড়ো ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সংকল্পৰে সোমবাৰৰ পৰা ওদালগুৰি জিলাৰ খৈৰাবাৰীত আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক বাৰ্ষিক অধিৱেশন ৷ অধিৱেশনৰ প্ৰথম দিনাই খৈৰাবাৰীৰ দাওহাৰো সমন্বয় ক্ষেত্ৰত বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিৱেশ ৷ অধিৱেশনৰ মুখ্য তোৰণ উন্মোচন কৰে ওদালগুৰিৰ জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ৷ সমান্তৰালকৈ অধিৱেশনৰ বিভিন্ন মুখ্য ৰভাস্থলী,প্ৰদৰ্শনী, গ্ৰন্থমেলা, ভোজনালয়, প্ৰতিনিধি শিবিৰ আদিৰ দ্বাৰ উন্মোচন কৰা হয় ৷ অধিৱেশনত আদৰণি সমিতি তথা বড়ো সাহিত্য সভাৰ মুঠ ৪০খন গ্ৰন্থ উন্মোচনৰ লগতে ব্যক্তিগত প্ৰকাশনৰ ১০০ৰো অধিক গ্ৰন্থ উন্মোচন কৰা হ’ব বুলি বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সদৰী কৰিছে ৷ লগতে বড়ো ভাষা শিক্ষণ আৰু পঠনৰ বিভিন্ন সমস্যাৰ লগতে বিভিন্ন বড়ো জাতীয় সমস্যাৰ ওপৰতো এই অধিবেশনত বিস্তৃত আলোচনা কৰা হ’ব ৷

৫৯সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

উল্লেখ্য যে, এনডিএফবিৰ চাওৰাইগৌৰা গোট মূল সূঁতিলৈ উভতি অহাৰ পিছত এতিয়া কেনেদৰে শান্তি প্ৰক্ৰিয়া আগুৱাই নিয়া হ’ব আৰু কেনেদৰে এই দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান হ’ব তাৰ ওপৰতো জাতীয় তথা বৌদ্ধিক সাহিত্য সংগঠন হিচাপে বড়ো সাহিত্য সভাই এই অধিবেশনৰ পৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিব বুলি সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বসুমতাৰীয়ে সদৰী কৰে ৷ সোমবাৰে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড তথা চুবুৰীয়া ৰাষ্ট্ৰ নেপাল তথা বাংলাদেশৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব ৷ আনহাতে, অধিৱেশনৰ দ্বিতীয় দিনা সভাত উপস্থিত থাকিব স্বাস্থ্য, বিত্ত, শিক্ষা তথা গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অধিবেশনৰ অন্তিম দিনা উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল ৷

লগতে পঢ়ক-মাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰ

Intro: বড়ো ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সংকল্পৰে আজিৰে পৰা ওদালগুৰি জিলাৰ খৈৰাবাৰীত আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৫৯সংখ্যক বাৰ্ষিক অধিবেশন। অধিবেশনৰ প্ৰথম দিনাই খৈৰাবাৰীৰ দাওহাৰো সম্বন্নয় ক্ষেত্ৰত বিৰাজ কৰিছে এক উদুলি মুদুলি পৰিবেশ। ৰাতিপূৱা ওদালগুৰিৰ জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই অধিবেশনৰ মুখ্য তোৰণ উন্মোচন কৰাৰ পিছতেই পৰ্যায়ক্ৰমে অধিবেশনৰ বিভিন্ন মূখ্য ৰভাস্থলী, প্ৰদৰ্শনী, গ্ৰন্থমেলা, ভোজনালয়, প্ৰতিনিধি শিবিৰ আদিৰ দ্বাৰ উন্মোচন কৰা হয়। আজি সন্ধিয়াৰ পৰা আৰম্ভ হবলগীয়া প্ৰতিনিধি সভাত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড তথা চুবুৰীয়া ৰাষ্ট্ৰ নেপাল তথা বাংলাদেশৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হব বুলি জানিব পৰা গৈছেBody:
আৰম্ভ হ ল বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক খৈৰাবাৰী অধিবেশন। খৈৰাবাৰীৰ দাওহাৰো সম্বন্নয় ক্ষেত্ৰত উদুলি মুদুলি পৰিবেশ। সাহিত্যৰ সুবাস লবলৈ অসমৰ লগতে চুবুৰীয়া ৰাজ্য তথা বহিঃৰাষ্ট্ৰৰ পৰাও সাহিত্যানুৰাগীয়ে ভিৰ কৰিছে ওদালগুৰিৰ খৈৰাবাৰীত। অধিবেশনৰ প্ৰথম দিনা ৰাতিপূৱা ওদালগুৰিৰ জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই অধিবেশনৰ মুখ্য তোৰণ উন্মোচন কৰাৰ পিছতেই পৰ্যায়ক্ৰমে অধিবেশনৰ বিভিন্ন মূখ্য ৰভাস্থলী, প্ৰদৰ্শনী, গ্ৰন্থমেলা, ভোজনালয়, প্ৰতিনিধি শিবিৰ আদিৰ দ্বাৰ উন্মোচন কৰা হয়। অধিবেশনত আদৰণি সমিতি তথা বড়ো সাহিত্য সভাৰ মুঠ ৪০খন গ্ৰন্থ উন্মোচনৰ লগতে ব্যক্তিগত প্ৰকাশনৰ ১০০ৰো অধিক গ্ৰন্থ উন্মোচন কৰা হব বুলি বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বডোই সদৰী কৰিছে। ইপিনে, বড়ো ভাষা শিক্ষণ পঠনৰ বিভিন্ন সমস্যাৰ লগতে বিভিন্ন বড়ো জাতীয় সমস্যাৰ ওপৰতো এই অধিবেশনত বিস্তৃত আলোচনা হব বুলি জানিব পৰা গৈছে। বিশেষকৈ এনডিএফবিৰ সংবিজিত গোট মূল সূঁতিলৈ উভতি অহাৰ পিছত এতিয়া কেনেদৰে শান্তি প্ৰক্ৰিয়া আগুৱাই নিয়া হব আৰু কেনেকৈ এই দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান হব তাৰ ওপৰতো জাতীয় তথা বৌদ্ধিক সাহিত্য সাহিত্য সংগঠন হিচাপে বড়ো সাহিত্য সভাই এই অধিবেশনৰ পৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্বাহ কৰিব বুলি বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বসুমতাৰীয়ে সদৰী কৰিছে। বড়ো ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ সংকল্পৰে আৰম্ভ হোৱা এই অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাত্ কাইলৈ ৰাজ্যৰ স্বাস্থ্য, বিত্ত, শিক্ষা তথা গড়কপ্তানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অধিবেশনৰ অন্তিম দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পোখৰিয়াল উপস্থিত থাকিব।

খৈৰাবাৰীৰ দাওহাৰু পথাৰ পৰা ধনদ্বীপ বৰাৰ প্ৰতিবেদনConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.