ওদালগুৰি, 4জুনঃ ওদালগুৰি জিলাত ২৮ জনকৈ লোকৰ দেহত পুনৰ ধৰা পৰিল কভিড-১৯ ৰ উপস্থিতি। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই কথা সদৰি কৰে ।
![28 new COVID-19 Positive Case At Udalguri District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7479103_u2-final.jpg)
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰিটো হোৰাহোৰে বৃদ্ধি পাইছে ক'ৰণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে ওদালগুৰি জিলাত ২৮ জনকৈ লোকৰ দেহত পুনৰ ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি । বৃহস্পতিবাৰে সন্ধিয়া স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এই কথা সদৰি কৰে । আক্ৰান্ত লোক সকল হ'ল ৪ নং আমজুলিৰ বিকাশ বিশ্বকৰ্মা,পুৰ্ণ কাৰ্কী,বিকাশ তান্তী,ভূটীয়াচাঙৰ বধুৱা মহালি,গণেশ কুমাৰ ,পূৱ নেপাল পাৰাৰ দূৰ্গা ৰাউট,পানেৰী চাহ বাগিছাৰ দীপন বিশ্বকৰ্মা, ১নং ঝাৰগাঁৱৰ পংকজ বড়ো,দক্ষিণ নেপাল পাৰাৰ ডাম্বৰ বাহাদুৰ চেত্ৰী,মাজুলী বস্তীৰ দীপক ছেত্ৰী,তুলসী দাস,দোলচুবা বগৰিবাৰীৰ ৰমেশ বসুমতাৰী,শইকীয়া পাৰাৰ তীৰ্থ শৰণীয়া আৰু গাচবাৰীৰ চিমাংসু ব্ৰহ্ম। অৱশ্যে আক্ৰান্ত হোৱা ২৮ জন লোকৰ ভিতৰত ১৪ জন লোকৰ নামহে জানিব পৰা গৈছে । এই ১৪ জনৰ ভিতৰত ১১ জন ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ কোৱাৰেন্টেইন কেন্দ্ৰৰ আৰু ৩ জন মাজবাট কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত আছিল বুলি জানিব পৰা গৈছে। আনহাতে বুধবাৰেও ওদালগুৰি জিলাৰ ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা দুগৰাকী বহিঃৰাজ্যৰ পৰা অহা লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। কোভিড-১৯ত আক্ৰান্ত লোক দুজন হ'ল-মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নেপালপাৰা গাঁৱৰ হৰি শৰ্মা আৰু ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ইকৰাবাৰী গাঁওৰ জটাৰুল ইছলাম। এই দুয়োজন লোককে বৰ্তমান ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। আনহাতে, আজি জিলা খনত আক্ৰান্ত হোৱা ২৮ জন লোককে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বাবে প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে। ইয়াৰ লগে লগে ওদালগুৰি জিলা খনত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫৯ জনলৈ বৃদ্ধি পাইছে ।
লগতে পঢ়ক- অপৰাধৰ ঘাটিত পৰিণত মহানগৰীৰ ৰেল লাইনৰ কাষৰীয়া অঞ্চল