ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কক মই সমৰ্থন কৰোঁঃ বিজয়া চক্ৰৱৰ্তী - বিজয়া চক্ৰৱতী

অসম গণ পৰিষদৰে বিজেপিৰ মিত্ৰতা সম্ভৱ নহয় বুলি প্ৰকাশ বিজয়া চক্ৰৱৰ্তীৰ ৷ বুধবাৰে নগৰবেৰাৰ  মেধিপাৰাত পকী পথৰ আধাৰশিলা স্থাপন কৰি এই মন্তব্য সাংসদগৰাকীৰ ৷

LAYS FOUNDATION STONE
author img

By

Published : Mar 7, 2019, 10:36 AM IST

গোৱালপাৰা, 7 ফেব্ৰুৱাৰী : "নাগৰিকত্ব সংশোধনী বিধেয়কক মই সমৰ্থন কৰোঁ ৷ বিলখন অসমৰ বাবে অত্যন্ত জৰুৰী ৷"এই মন্তব্য গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ৷

LAYS FOUNDATION STONE
বুধবাৰে নগৰবেৰাৰ মেধিপাৰাত পকী পথৰ আধাৰশিলা স্থাপন কৰিএনেদৰে কয় সাংসদগৰাকীয়ে। এই কাৰ্যসূচীতে সাংবাদিকৰ সন্মুখত সাংসদগৰাকীৰ মন্তব্য-আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদৰে বিজেপিৰ মিত্ৰতা সম্ভৱনহয়। আনহাতে লোকসভানিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্পৰ্কত সাংসদগৰাকীয়ে দলৰ সিদ্ধান্তকে মানি ল'ব বুলিও লগতে জনায় । আনহাতে সমাগত নিৰ্বাচনত বিজেপিয়েই ৰাজ্যৰ সৰ্বাধিক আসন দখল কৰিব বুলিও প্ৰকাশ কৰে সাংসদগৰাকীয়ে । নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কে কোনো প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে বিজয়া চক্ৰৱৰ্তীয়ে।

Slug : Nagarbera = Bijaya Chakraborty.vis+byte send FTP.7.03.19

Anchor : সংসদীয় নিৰ্বাচন সমাগত। যিকোনো মূহুৰ্ততে ঘোষনা হব নিৰ্বাচনৰ দিনবাৰ। সেয়ে এতিয়া ৰাজনৈতিক নেতা সকলৰ বৰকৈ মনত পৰিছে জনগনৰ সমস্যা দুখ দুৰ্গতিৰ কথা। কাম হওক নহওঁক কথা নাই। এফালৰ পৰা কৰি গৈছে আধাৰশিলা। সাংসদ বিজয়া চক্ৰৱৰ্তীও ব্যতিক্ৰম নহয়। এই সন্দর্ভত চাওক আমাৰ এক বিস্তৃত প্ৰতিবেদন।

V. O : দেশৰ সংসদীয় নিৰ্বাচন সমাগত। দুই এদিনতে ঘোষনা হব দিনবাৰ। প্ৰযোজ্য হব আচৰণ বিধি। সেয়ে বৰকৈ মনত পৰিছে জনতাৰ সমস্যা দুখ দুৰ্গতিৰ কথা। একেই অৱস্থা গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰো । ৰুগ্ন দেহাৰে দিনে ৰাতিয়ে কৰিছে আধাৰশিলা। নগৰবেৰাৰ মেধিপাৰাত পকী ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিবলৈ কি কলে বিজয়া চক্ৰৱৰ্তীয়ে শুনক... । হয়, ইমান দিনে কাম কৰিব পৰা নাছিল কংগ্ৰেছ চৰকাৰৰ বাবে। কিমানযে বাহানা। অৱশ্য ৰাজ্যত বি জে পি চৰকাৰ হোৱাৰ পিছতো সমষ্টি বাসীৰ পৰা একপ্ৰকাৰ দূৰৈত আছিল চক্ৰৱৰ্তীয়ে। এতিয়া আকৌ সাৰ পাইছে। নিৰ্বাচন অহাৰ কথা শুনি পুনৰ শক্তি পাইছে দেহাত। বিগত এমাহত বিজয়া চক্ৰৱৰ্তী বাইদেউ আহৰিয়েই পোৱা নাই। কেৱল আধাৰশিলা স্থাপনত ব্যস্ত। কন্যা সুমন হৰিপ্ৰিয়াৰ প্ৰশংসা কৰিবলৈও নাপাহৰিলে বিজয়া বাইদেউৱে। হাজোত বোলে ৮০ শতাংশ ৰাস্তা হৈ গল। এয়া হাজোবাসীয়েহে জানে। এয়াই ৰাজনীতি... See Clip 1, 2, 3 & Byte 1.
V. O : অসম গণ পৰিষদ দলৰে মিত্ৰতা নস্যাৎ কৰি বিজয়া চক্ৰৱৰ্তীয়ে কয় কোনো কাৰণতে অগপৰে মিত্ৰতা নহব । ইপিনে বিজয়া বাইদেউৰ বোলে কোনো সপোন নাই। দলে যি কয় তাকেই মানি লব সাংসদ গৰাকীয়ে। সমাগত নিৰ্বাচনত বিজেপিয়েই ৰাজ্যৰ সৰ্বাধিক আসন দখল কৰিব বুলি কয় বৰ্ষীয়ান সাংসদ গৰাকীয়ে । নিৰ্বাচনত নাগৰিকত্ব সংশোধনী বিধেয়কে কোনো প্ৰভাৱ নেপেলায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজয়া চক্ৰৱৰ্তীয়ে। See Clip Byte 2 & 3.
V. O : ইপিনে সাংসদ বিজয়া চক্ৰৱৰ্তীক নগৰবেৰাৰ মেধিপাৰাত দেখা গল অন্য ৰূপত। আধাৰশিলা স্থাপনৰ অন্তত অনুষ্ঠিত সভাত গীত পৰিবেশন কৰি উপস্থিত মহিলা সকলোক আনন্দৰ খোৰাক দিয়ে। See Clip 4.
২০১৯ সংসদীয় নিৰ্বাচনৰ বাবে সন্মানীয় গুৱাহাটী সংসদী সমষ্টিত বৰ্ষীয়ান ৰাজনীতিবিদ বিজয়া চক্ৰৱৰ্তীয়ে দলীয় প্ৰাৰ্থীত্ব পাবনে নাই সেয়া হব লক্ষনীয়।
                      Byte 1, 2, 3 : বিজয়া চক্ৰৱৰ্তী ।
                      Byte 4 : স্থানীয় ব্যক্তি ।
         গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.