ETV Bharat / state

Bihu programme in Tinsukia: তিনিচুকীয়াৰ বিহু অনুষ্ঠানত অথন্তৰ; জুবিনক নেদেখি বিমুখ হৈ উভতিল দৰ্শক - জুবিন গাৰ্গ

তিনিচুকীয়াত জুবিন অনুৰাগীৰ ক্ষোভ । অনুষ্ঠান উপভোগ কৰিবলৈ আহি নিৰাশ হৈ উভতিল দৰ্শক । উপভোগ কৰিব নোৱাৰিলে নীল আকাশ, কেকে-মোহনৰ অনুষ্ঠানো (Zubeen Garg Bihu programme cancelled in Tinsukia) । কিন্তু কিয় ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

Zubeen Garg Bihu programme cancelled in Tinsukia
তিনিচুকীয়াৰ বিহু অনুষ্ঠানত অথন্তৰ
author img

By

Published : May 5, 2023, 3:23 PM IST

তিনিচুকীয়াৰ বিহু অনুষ্ঠানত অথন্তৰ

তিনিচুকীয়া,৫ মে': আমাক জুবিন দাই ঠগিলে । জুবিন দা নাহিল নাই, কে কে ছাৰ মোহন আহিব লাগিছিল । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । দৰ্শকৰ পাৰভঙা উচাহ । বিগত কেইবাটাও বছৰতকৈ এইবাৰ জুবিন গাৰ্গে ব্যতিক্ৰমীভাৱে পৰিৱেশন কৰিছে সংগীতানুষ্ঠান । দৰদী কণ্ঠত নিগৰিছে এটি এটিকৈ জুবিনৰ পুৰণি গীতবোৰ । পুৰণি জুবিনক যেন কাষতে পাইছে অসমৰ ৰাইজে । এইবাৰ জুবিনৰ সংগীতানুষ্ঠান নাই কোনো বিতৰ্ক, নাই কোনো অনাকাংক্ষিত পৰিৱেশ ।

পিছে, ইয়াৰ মাজতে জুবিন অনুৰাগীৰ অভিমান ৷ জুবিন গাৰ্গৰ অনুষ্ঠানলৈ গৈ নিৰাশ হৈ উভতিল অনুৰাগী (Bihu programme in Tinsukia) । যোৱা ৩০ এপ্ৰিলৰ পৰা ৪ মে'লৈ তিনিচুকীয়াত অনুষ্ঠিত কৰা হৈছিল দহোতীয়াচুক ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী অনুষ্ঠান । তিনিচুকীয়াৰ দহোতীয়াচুক মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ শেষৰ দিনা অৰ্থাৎ ৪ মে'ত জুবিন গাৰ্গ, নীল আকাশ, কেকে-মোহনে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল । কিন্তু, নাহিল জুবিন গাৰ্গ, নাহিল নীল আকাশ, কেকে-মোহন মৰমৰ শিল্পীসকলৰ অনুষ্ঠান উপভোগ কৰিব নোৱাৰিলে অনুৰাগীয়ে (Zubeen Garg Bihu programme cancelled in Tinsukia) ।

উল্লেখযোগ্য যে, দহোতীয়াচুক ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতিৰ দৰে গুৰু দায়িত্বত আছিল তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষান ৷ ইমানৰ পিচতো জুবিন গাৰ্গে অনুষ্ঠান বাতিল কৰিলে নে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা ধন দিব নোৱাৰাৰ কাৰণে বাতিল কৰিলে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ৷

এক তথ্য অনুসৰি জুবিন গাৰ্গে বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ৰ এখন বিলাসী হোটেলত বৃহৎ দলসহ অৱস্থান কৰা বুলি জানিব পৰা গৈছে আৰু শুকুৰবাৰে চেপনত পৰিৱেশন কৰিব জুবিন গাৰ্গে অনুষ্ঠান ৷ চেপনত জুবিন গাৰ্গৰ অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব সঁচা কিন্তু বৃহস্পতিবাৰে আশাহত হ'ল দহোতীয়াচুকৰ জুবিন অনুৰাগী ।

লগতে পঢ়ক: Margherita Rape and murder case update : আৰক্ষীৰ গুলীত পংগু হ’ল মাৰ্ঘেৰিটাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আনন তাঁতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.