মাৰ্ঘেৰিটা, ৫ জুন : আজিৰ দিনটোতে সমগ্ৰ বিশ্বই পৰিৱেশ দিৱস পালনেৰে পৰিবেশ সম্পৰ্কে সচেতনা বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে । অসমৰো ভিন্ন প্ৰান্তত চৰকাৰী বেচৰকাৰী অধিকাংশ অনুস্থান প্ৰতিষ্ঠানে আয়োজন কৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ।
মাৰ্ঘেৰিটাতো দেখা দেখা গ'ল বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি একাংশ অনুস্থান প্ৰতিষ্ঠানে আয়োজন কৰা দিনজোৰা কাৰ্যসূচী। মাৰ্ঘেৰিটা কক ক'ল উদ্যোগসমূহৰ স্বত্বাধিকাৰীকে ধৰি কৰ্মচাৰীসকলৰ উদ্যোগতো অনুস্থিত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ। লিডু কনিষ্ঠ মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণেৰে শুভাৰম্ভ কৰা হয় কাৰ্যসূচীৰ।
ভাৰতীয় জনতা দলৰ মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ সভাপতি ভৱেশ দত্তই গছপুলি ৰোপণেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত উপস্থিত থাকে বিজেপি নেতা ধীৰাজ সোনোৱাল,বাদল দত্ত,বি গনেশ,জিতু দাস,ভাস্কৰ চৌধুৰী আফতাব,গোবিন্দ প্ৰসাদকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। মাৰ্ঘেৰিটা কুক ক'ল সন্থাৰ সভাপতি ক্ষিতিশ দেৱনাথ আৰু সম্পাদক ভূপেন দুৱৰীৰ নেতৃত্বত হোৱা এই কাৰ্যসূচীত পাভৈৰ পৰা লিডুলৈকে এক বিস্তৃৰ্ণ অঞ্চলত ৫০০ৰো অধিক গছপুলি ৰোপণ কৰা হয়।