ETV Bharat / state

শদিয়াত দলত্যাগৰ জোঁৱাৰ বিজেপিৰ নেতা-কৰ্মীৰ

author img

By

Published : Dec 13, 2019, 6:29 PM IST

ৰাইজৰ ৰোষত পৰাৰ ভয়ত শদিয়াত বিজেপি ত্যাগ কৰিবলৈ বাধ্য হৈছে দলটোৰ বহু নেতা-কৰ্মী,বিধায়ক বলীন চেতিয়াৰ প্ৰতিনিধি সীমান্ত মৰাণৰ লগতে বহুকেইজন পঞ্চায়ত প্ৰতিনিধিয়ে কেবৰ বিৰোধিতাৰে বিজেপি দল ত্যাগ কৰে ৷

ৰাইজৰ ৰোষত পৰাৰ ভয়ত দলত্যাগ
শদিয়াত দলত্যাগৰ জোঁৱাৰ বিজেপিৰ নেতা-কৰ্মীৰ

কাকপথাৰ,13 ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিত ৰাইজৰ ৰোষত পৰি বিজেপি ত্যাগ কৰিবলৈ বাধ্য হৈছে দলটোৰ বহু নেতা-কৰ্মী ৷সমান্তৰালকৈ মাৰ্ঘেৰিটাতো দেখা গৈছে একে প্ৰতিচ্ছবি ৷ সমষ্টি দুটাত স্থানীয় ৰাইজে কেইবাগৰাকীও বিজেপি নেতা-কৰ্মীৰ ঘৰ ঘেৰাও কৰি নেতাসকলক বাহিৰলৈ আহিবলৈ বাধ্য কৰে ৷ লগতে ৰাজপথত ৰাজহুৱাভাৱে কেবৰ বিৰোধিতা কৰিবলৈ বাধ্য কৰায় ৷ বিজেপি নেতা কেইগৰাকীয়ে দলটো ত্যাগ কৰা বুলিও ৰাইজৰ আগত ঘোষণা কৰে ৷ শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ প্ৰতিনিধি সীমান্ত মৰাণৰ লগতে বহুকেইজন পঞ্চায়ত প্ৰতিনিধিয়ে কেবৰ বিৰোধিতাৰে বিজেপি দল ত্যাগ কৰে ৷ ৰাইজৰ ৰোষত পৰাৰ ভয়ত এইসকল নেতাই দল ত্যাগ কৰি ৰাইজৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখা যায় ৷ উল্লেখ্য যে, প্ৰাক্তন বিধায়ক জগদীশ ভূঞাৰ ঘৰ ঘেৰাও কৰাৰ পিছত শুকুৰবাৰে বিজেপি দল ত্যাগ কৰে ভূঞাই ৷

লগতে চাওকঃৰাজ্যজুৰি তেল নাটনিৰ আশংকা

Intro:তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত বিজেপি নেতা দল ত্যাগ কৰিবলৈ বাধ্য কৰালে ৰাইজে

কাকপথাৰ : তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ লগতে মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ ৰোষত পৰি বিজেপি ত্যাগ কৰিবলৈ বাধ্য হৈছে বহু বিজেপি নেতা-কৰ্মী ৷ সমষ্টি দুটাত কেইবাগৰাকীও বিজেপি নেতা কৰ্মীৰ ঘৰ ঘেৰাও কৰি নেতা সকলক ঘৰৰ পৰা উলিয়াই আনি ৰাজপথত ৰাজহুৱাভাবে কেব বিৰুধ কৰাৰ লগতে বিজেপি ত্যাগ কৰা বুলি ঘোষণা কৰে ৷ শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ প্ৰতিনিধি সীমান্ত মৰাণৰ লগতে বহুকেইজন পঞ্চায়ত প্ৰতিনিধিক বাধ্য কৰোৱা হয় ৷ ৰাইজৰ ৰোষত পৰা ভয়ত এইসকল নেতাই দল ত্যাগ কৰাৰ পিছতেই ৰাইজৰ আন্দোলনত অংশগ্ৰহণ কৰা দেখা যায় ৷ উল্লেখ্য যে কালি প্ৰাক্তন বিধায়ক জগদীশ ভূঞাৰ ঘৰ ঘেৰাও কৰাৰ পিছতেই আজি বিজেপি দল ত্যাগ কৰে পেট্ৰকেমিকেলছৰ অধ্যক্ষগৰাকীয়ে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.