ETV Bharat / state

জাগুনত আটক 5 চোৰাং কাঠ সৰবৰাহকাৰী - বন বিভাগৰ অভিযান

শুকুৰবাৰে পুৱতি নিশা বন বিভাগে অভিযান চলাই জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত দহ মাইলৱাৰা গাঁৱত 5 জনকৈ চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰে বন বিভাগে ৷ সহবৰাহকাৰী কেইজনৰ পৰা এটা হস্তচালিত কাঠফলা মেচিন আৰু এখন কাঠভৰ্তি ডিআই বাহন জব্দ কৰে বন বিভাগে ৷

wood mafia arrested
জাগুনত আটক 5 চোৰাং কাঠ সৰবৰাহকাৰী
author img

By

Published : Dec 6, 2020, 2:25 PM IST

তিনিচুকীয়া,6 ডিচেম্বৰ : ডিগবৈ বন সংমণ্ডলৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত দহ মাইলৱাৰা গাঁৱত শুকুৰবাৰে পুৱতি নিশা বন বিভাগে অভিযান চলাই 5 জনকৈ চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ সহবৰাহকাৰী কেইজনৰ পৰা এটা হস্তচালিত কাঠফলা মেচিন আৰু এখন কাঠভৰ্তি ডিআই বাহন জব্দ কৰে বন বিভাগে ৷

ধৃত চোৰাং কাঠ সৰবৰাহকাৰী কেইজন ক্ৰমে জাগুন অঞ্চলৰ ৰাজা পেগু, সুভাষ চাঙ্কুৰাং, ৰাজ পেগু, ঔম প্ৰকাশ পাদুন আৰু দিলীপ পাদুন বুলি জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোঁহাইয়ে জানিবলৈ দিয়ে । অভিযান কালত প্ৰায় 25 চেফটি কাঠ জব্দ কৰে বন বিভাগে । আটকাধীন চোৰাং বেপাৰী কেইজনক বন বিভাগে মাৰ্ঘেৰিটা ন্যায়িক আদালতত হাজিৰ কৰি দেওবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

wood mafia arrested
জাগুনত আটক 5 চোৰাং কাঠ সৰবৰাহকাৰী

উল্লেখ্য় যে, দীৰ্ঘদিন ধৰি জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বিভিন্ন সংৰক্ষিত বনাঞ্চলসমূহত থকা মূল্যৱান গছবোৰ একাংশ চোৰাং বেপাৰীয়ে ধাৰাবাহিকভাৱে সৰবৰাহ কৰি থকাৰ মাজতে 5 জন চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে । আনহাতে বন ধ্বংসকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বন বিভাগৰ অভিযান অব্যাহত থাকিব বুলি জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোঁহাইয়ে সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.