ETV Bharat / state

Protest against OC: গুৰুতৰ অভিযোগ: ড্ৰাগছ মাফিয়াৰে মিতিৰালি পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ !

author img

By

Published : Dec 23, 2022, 9:38 PM IST

পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিৰ(Pengeri Thana OC Bakul Engti) বিৰুদ্ধে ড্ৰাগছ মাফিয়াৰ ধন লৈ মেনেজ হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে(Allegation against OC Bakul Engti) ৷ কেৱল সিমানেই নহয়, মহিলাকো মাৰপিট কৰাৰ অভিযোগ বকুল ইংতিৰ বিৰুদ্ধে ৷

Protest against OC
ড্ৰাগছ মাফিয়াৰে মিতিৰালি পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল ইংতিৰ !

তিনিচুকীয়া, 23 ডিচেম্বৰ: ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে(Assam police launched war against drugs) ৷ কিন্তু তাৰ মাজতে তিনিচুকীয়া জিলাৰ এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ তিনিচুকীয়া জিলাৰ অন্তৰ্গত পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিৰ (Pengeri Thana OC Bakul Engti) বিৰুদ্ধে ড্ৰাগছ মাফিয়াৰ ধন লৈ মেনেজ হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে(Allegation against OC Bakul Engti) ৷

পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিৰ বিৰুদ্ধে মহিলাকো মাৰ-পিট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য তিনিচুকীয়া জিলাৰ ভিতৰুৱা অঞ্চল পেঙেৰী, বৰডুমচা, লেখাপানী, মাৰ্ঘেৰিটা আদি পৰিণত হৈছে ড্ৰাগছৰ ঘাটিলৈ(Hotspot of drugs) ৷ ইফালে, পেঙেৰী অঞ্চলত চলা ড্ৰাগছৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে থিয় দিছে অঞ্চলটোৰ শ শ মহিলা ৷

বৃহস্পতিবাৰে পেঙেৰীত কেইবাখনো গাঁৱৰ শতাধিক মহিলা ওলাই আহি পেঙেৰী চাৰিআলিত ড্ৰাগছৰ প্ৰচলনৰ বিৰোধীতাৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ(Women Protest against drugs) ৷ কিন্তু প্ৰতিবাদী মহিলাৰ ওপৰত আৰক্ষী বিষয়া বকুল ইংতি জপিয়াই পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ড্ৰাগছ মাফিয়াৰ পৰা মোটা অংকৰ ধন লৈ মেনেজ হৈ এইদৰে মহিলাক মাৰপিট কৰি বকুল ইংতিয়ে বৰমতা দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী মহিলাই ৷

স্মৰ্তব্য যে, ইতিমধ্যেই বহু ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ ব্যয়সায়ীক হাতেলোটে কৰায়ক্ত কৰি আৰক্ষীক গতাই দি আহিছে পেঙেৰী অঞ্চলৰ মহিলাই ৷ পেঙেৰীত ব্যাপক হাৰত প্ৰচলন হৈ থকা ড্ৰাগছ, কানি আদিৰ বিৰুদ্ধে একপ্ৰকাৰৰ জেহাদ ঘোষণা কৰিছে সচেতন মহিলাসকলে ৷ কিন্তু, পেঙেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বকুল ইংতিৰ ড্ৰাগছ মাফিয়াৰে মিতিৰালি সঁচাই দুৰ্ভাগ্যজনক ৷ এগৰাকী আৰক্ষী বিষয়াৰ এনে স্থিতিক লৈ হতভম্ব হৈ পৰিছে সকলো ৷

ষদিহে প্ৰতিবাদী মহিলাসকলৰ অভিযোগ সঁচা হয়, তেন্তে এইগৰাকী চৰকাৰী দৰমহায়ো খঁক নপলোৱা ঘোচখোৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) তথা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(DGP Bhaskarjyoti Mahanta) কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Police massive operation in Across Guwahati: চোৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.