ETV Bharat / state

ধলাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ - বিলাতী সুৰা

শদিয়া সমষ্টিৰ ধলাত নিৰ্বাচনী আচৰণ বিধি উলংঘা । কাঠ মাফিয়া ৰাজু মেধিৰ গুদামত অবৈধভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিলে চৈখোৱা ব্লক কংগ্ৰেছৰ কৰ্মীয়ে । জব্দ কৃত সুৰাখিনি বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই ভোটাৰৰ মাজত বিতৰণ কৰিবলৈ আনি মজুত কৰি ৰাখিছিল বুলি অভিযোগ উত্থাপিত হৈছে ।

ধলাত প্ৰায় ১৬৪ কাৰ্টুন বিলাতী সুৰা জব্দ

author img

By

Published : Mar 24, 2021, 5:23 PM IST

শদিয়া,২৪ মাৰ্চ: শদিয়া সমষ্টিৰ ধলাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বিলাতী সুৰা । এই সুৰাখিনি জব্দ কৰে চৈখোৱা ব্লক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে । শদিয়া সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই এই সুৰাখিনি ৰাইজৰ মাজত বিতৰণ কৰি ভোট বিচৰাৰ পৰিকল্পনা কৰিছিল বুলি কংগ্ৰেছৰ কৰ্মীসকলে অভিযোগ উত্থাপন কৰিছে । বুধবাৰে বলিন চেতিয়াৰ ঘনিষ্ঠ হিচাপে জনাজাত কাঠ মাফিয়া ৰাজু মেধিৰ গুদামৰ পৰা চৈখোৱা ব্লক কংগ্ৰেছৰ কৰ্মীসকলে অবৈধভাৱে মজুত কৰি ৰখা প্ৰায় ১৬৪ কাৰ্টন বিলাতী সুৰা জব্দ কৰে ।

ধলাত প্ৰায় ১৬৪ কাৰ্টুন বিলাতী সুৰা জব্দ
ধলাত প্ৰায় ১৬৪ কাৰ্টন বিলাতী সুৰা জব্দ

কংগ্ৰেছ কৰ্মীসকলে স্থানীয় আৰক্ষীৰ সহযোগত এখন নম্বৰপ্লেট নথকা বাহনো জব্দ কৰে ৷ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আয়োগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত এই নিৰ্দেশনাক অৱমাননা কৰা দেখা গৈছে । নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়াৰ পাছতো গা লৰা নাই একাংশৰ ।

লগতে পঢ়ক: ৰূপহীহাটত অসম জাতীয় পৰিষদৰ বিশাল নিৰ্বাচনী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.