ETV Bharat / state

তিনিচুকীয়াত ভাৰোত্তোলন প্ৰতিযোগিতাৰ প্ৰস্তুতি - আন্তঃজিলা প্ৰাইজমানী ভাৰোত্তোলন প্ৰতিযোগিতা

নিচাযুক্ত সামগ্ৰীৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই ৰখাৰ উদ্দেশ্যৰে তিনিচুকীয়াৰ তালাপত অসম ভিত্তিত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আন্তঃজিলা প্ৰাইজমানী ভাৰোত্তোলন প্ৰতিযোগিতা ৷

তিনিচুকীয়াত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ভাৰোত্তোলন প্ৰতিযোগিতা

author img

By

Published : Apr 4, 2021, 9:43 AM IST

শদিয়া,4 এপ্ৰিল: উঠি অহা যুৱ প্ৰজন্মৰ মাজত ৰাজ্যৰ তথা সমগ্ৰ দেশতে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিচাযুক্ত সামগ্ৰীৰ প্ৰচলন ৷ বিভিন্ন ধৰণৰ নিচাযুক্ত তথা মাদক দ্ৰব্যৰ অবাধ প্ৰচলনৰ প্ৰতি আসক্ত হ'বলৈ ধৰিছে উঠি অহা যুৱক-যুৱতীসকল ৷ যাৰ ফলত অৱনতি ঘটিছে স্বাস্থ্য তথা সামাজিক পৰিৱেশৰ ৷ এই আটাইবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি নিচাযুক্ত সামগ্ৰীৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই ৰখাৰ উদ্দেশ্যৰে তিনিচুকীয়াৰ তালাপত অসম ভিত্তিত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আন্তঃজিলা প্ৰাইজমানী ভাৰোত্তোলন প্ৰতিযোগিতা ৷

তিনিচুকীয়াত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ভাৰোত্তোলন প্ৰতিযোগিতা
তিনিচুকীয়াত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ভাৰোত্তোলন প্ৰতিযোগিতা

শংখৰাজ শৰীৰ চৰ্চা কেন্দ্ৰ, টাই আহোম ছাত্ৰ সন্থা ছৈখোৱা আঞ্চলিক সমিতি, তিনিচুকীয়া জিলা ভাৰোত্তোলন সন্থাৰ যৌথ উদ্যোগত ১০-১১ এপ্ৰিলত তালাপৰ মুকলি মঞ্চত অনুষ্ঠিত হ’ব উজনি অসম বডী বিল্ডিং আৰু আন্তঃজিলা মুকলি প্ৰাইজমানী ভাৰোত্তোলন প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত এই পৰ্যন্ত ৰাজ্যৰ মুঠ ১৪ খন জিলাৰ প্ৰায় ২৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ পুৰুষ-মহিলাকে ধৰি দুটা শাখাত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনত নগদ ধন, আকৰ্ষণীয় উপহাৰ আৰু প্ৰমাণ পত্ৰ প্ৰদানেৰে পুৰস্কৃত কৰা হ’ব বুলি প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷

লগতে পঢ়ক: মুকলি আকাশৰ তলত কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.