ETV Bharat / state

কাকপথাৰত বন্যহস্তীৰ তাণ্ডৱ, কোনোমতে প্ৰাণৰক্ষা এটা পৰিয়ালৰ - man elephant conflict in assam 2019

কাকপথাৰৰ হাঁহখাটিত বনৰীয়া হাতীৰ জাকে নিশা এটা ঘৰত প্ৰবেশ কৰি বাসগৃহ লণ্ডভণ্ড কৰে ৷ সন্ধিয়া প্ৰায় ৮ মান বজাত হাঁহখাটি উষাপুৰ চুবুৰিটোৰ দেৱেশ্বৰ ৰাজখোৱা নামৰ লোকজনৰ গৃহত হাতীৰ জাকটো প্ৰবেশ কৰাত পৰিয়ালটোৱে কোনোমতে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

কাকপথাৰত বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Nov 3, 2019, 2:48 PM IST

শদিয়া, 3 নৱেম্বৰঃ শনিবাৰে তিনিচুকীয়াৰ কাকপথাৰৰ হাঁহখাটিত বনৰীয়া হাতীৰ সাত, আঠজনীয়া জাকে এটা ঘৰত প্ৰবেশ কৰি বাসগৃহটো লণ্ডভণ্ড কৰে ৷ লগতে ঘৰৰ বহু মূল্যবান সামগ্ৰী ভাঙি চুৰমাৰ কৰে ৷ সন্ধিয়া প্ৰায় ৮ মান বজাত হাঁহখাটি উষাপুৰ চুবুৰিটোৰ দেৱেশ্বৰ ৰাজখোৱা নামৰ লোকজনৰ গৃহত হাতীৰ জাকটো প্ৰৱেশ কৰাত পৰিয়ালটোৱে কোনোমতে জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ডুমডুমা বন সংমণ্ডলৰ মেছাকি সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে গাঁওখনৰ বহু পৰিয়ালৰ ঘৰত প্ৰবেশ কৰি এনে অত্যাচাৰ কৰি অহা কথা গাঁওবাসীয়ে জানিবলৈ দিয়ে ৷ অৱশ্যে ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় গাঁওবুঢ়াৰ তৎপৰতাত বন বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লয় ৷

কাকপথাৰত বন্যহস্তীৰ তাণ্ডৱ

লগতে পঢ়কঃঅলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ

Intro:কাকপথাৰৰ হাঁহখাটিত বন্যহস্তীৰ তাণ্ডৱ, কোনোমতে প্ৰাণৰক্ষা এটা পৰিয়াল

শদিয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাঁহখাটিত বনৰীয়া হাতীৰ সাত, আঠ জনীয়া জাকে এটা ঘৰত প্ৰবেশ কৰি বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ বহু মুল্যবান সামগ্ৰী ভাঙি চুৰমাৰ কৰে ৷ সন্ধিয়া প্ৰায় ৮মান বজাত হাঁহখাটি উষাপুৰ নামৰ চুবুৰিটোৰ দেৱেশ্বৰ ৰাজখোৱা নামৰ ব্যক্তিজনৰ গৃহত হাতীৰ জাকটো প্ৰবেশ কৰাত পৰিয়ালৰ মুৰব্বীয়ে কোনোমতে পৰিয়ালটোৰ সদস্যসকলক টানি আজুৰি আন্ধাৰৰ সুযোগ লৈ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ ডুমডুমা বন সংমণ্ডলৰ মেছাকি সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে গাৱঁখনৰ বহু পৰিয়ালৰ ঘৰত প্ৰবেশ কৰি এনে অত্যাচাৰ কৰি অহা কথা গাওঁবাসীয়ে জানিবলৈ দিয়ে ৷ ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় গাওবুঢ়াৰ তৎপৰতাত বন বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ ক্ষয়-ক্ষতি বুজ লোৱা বুলি জানিব পৰা গৈছে ৷ এইদৰে হাতী-মানুহৰ সংঘাট চৰকাৰ তথা বন বিভাগে কেনেদৰে মোকাবিলা কৰে সেইয়া হব লক্ষণীয় ৷Body:Byte : 1/ পৰিয়ালৰ মুৰব্বী
2/ গাৱঁৰ গাঁওবুঢ়াConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.