ETV Bharat / state

Veer lachit sena press meet: অসমত অন্ধ ৰজাৰ শাসন চলিছে: বীৰ লাচিত সেনা

author img

By

Published : Jun 18, 2023, 2:08 PM IST

তিনিচুকীয়াত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ বীৰ লাচিত সেনা অসম ।

Veer lachit sena press meet
অসমত অন্ধ ৰজাৰ শাসন চলিছে
অসমত অন্ধ ৰজাৰ শাসন চলিছে

তিনিচুকীয়া, 18 জুন: তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱাই শনিবাৰে সন্ধিয়া এখন সংবাদমেল সম্বোধন কৰে । জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰি মুখপাত্ৰগৰাকীয়ে শেহতীয়াকৈ অসম চৰকাৰে বীৰ লাচিত সেনাৰ বিপৰীতে যি কঠোৰ স্থিতি গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে সৰৱ হৈ পৰে । মুখপাত্ৰগৰাকীয়ে কয় যে, ড্ৰাগছৰ বিৰুদ্ধে মাত মাতিলেও বীৰ লাচিত সেনা, অসমৰ সৈনিকসকল চৰকাৰী শোষণৰ বলি হ’বলগীয়া হয় ।

সংবাদমেলখনত মুখপাত্ৰগৰাকীয়ে অসমৰ জাতীয় জীৱনলৈ অৰিহণা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি বীৰ লাচিত সেনাৰ আপোচবিহীন কাম কাজে চৰকাৰী পক্ষক ভীতিগ্ৰস্ত কৰি তুলিছে বুলি কয় । ডুমডুমা আঞ্চলিক সমিতিৰ সাংগঠনিক সচিব অভিষেক বৰাক কাৰাবন্দী কৰি ৰখাৰ প্ৰসংগ উত্থাপন কৰি ড্ৰাগছৰ বিৰুদ্ধে যিখন চৰকাৰে সৱল স্থিতি গ্ৰহণ কৰা বুলি দিনে নিশাই ড্ৰাগছ বেপাৰীক আটক কৰিছিল, ৰাজহুৱাকৈ বৰবিহ পোৰাৰ অভিযান আৰম্ভ কৰিছিল সেইখন চৰকাৰেই ডিগবৈত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰাৰ বাবেই বীৰ লাচিত সেনাৰ কৰ্মীক হাৰাশাস্তি কৰাই নহয় লাঠি চালনাও কৰিছে বুলিও গুৰুতৰ অভিযোগ তোলে । সংগঠনটোৰ নেতা গৰাকীয়ে লগতে বীৰ লাচিত সেনা, অসম চৰকাৰৰ এই দমনমূলক নীতিৰ বিৰুদ্ধে সদায় সৰৱ হৈ থাকিব বুলি সংবাদ মেলত উল্লেখ কৰে ।

বীৰ লাচিত সেনা, অসমৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সচিব হৰ কুমাৰ গগৈ আৰু তিনিচুকীয়া জিলা সমিতিৰ সচিব অনুপ মৰাণ আৰু সাংগঠনিক সচিব বিপ্লৱ গগৈৰ লগতে দলীয় কৰ্মকৰ্তাসকল । সংবাদমেলত বীৰ লাচিত সেনাৰ সৈনিকসকলক চৰকাৰে পৰিকল্পিতভাৱে বাৰম্বাৰ আইনী মেৰপেচত সোমোৱাই ৰখাৰ যি চক্ৰান্ত চলাইছে সেয়া জাতিটোৰ বাবেই ভয়ংকৰ বুলি উল্লেখ কৰে ।

বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকলাপক তীব্ৰ সমালোচনা কৰি বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ সিদ্ধাৰ্থ বৰুৱাই বৰ্তমান অসমত অন্ধ ৰজাৰ শাসন চলা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।

লগতে পঢ়ক : Angoorlata Deka at Matia : জোনালী নাথৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.