ETV Bharat / state

জীৱকুল ধ্বংস কৰি অইল ইণ্ডিয়াক অসমত খনন কৰিবলৈ দিয়া নহ'বঃ আলফা - বাঘজান অঞ্চল

অসমত বেপাৰী মনোভাৱেৰে কাম চলাইছে অইল ইণ্ডিয়াই ৷ গেছ নিৰ্গমণ বন্ধ কৰিবৰ বাবে আজিলৈকে আহি নাপালে বিদেশী বিশেষজ্ঞৰ দল ৷ বাঘজানত উপস্থিত হৈ এই মন্তব্য যুদ্ধবিৰত আলফা গোটৰ নেতা প্ৰবাল নেওগৰ ৷

ulfa-seized-fire-group visited baghjan relief camp
জীৱকুল ধ্বংস কৰি অইল ইণ্ডিয়াক অসমত খনন কৰিবলৈ দিয়া নহ'বঃ আলফা
author img

By

Published : Jun 5, 2020, 9:23 PM IST

ডুমডুমা , 5 জুনঃ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত বিৰ্তকৰ শীৰ্ষত থকা বাঘজান ঘটনাৰ পৰিস্থিতিৰ বুজ ল’বলৈ শুকুৰবাৰে বাঘজানত উপস্থিত হয় আলফাৰ যুদ্ধবিৰতি গোটৰ এটা দল ৷ তৈলখাদৰ পৰা গেছ নিৰ্গত কাৰ্যৰ বাবে নিজ বাসগৃহৰ পৰা স্থানান্তৰ কৰা লেকসকলক আশ্ৰয় শিবিৰত সাক্ষাৎ কৰে যুদ্ধবিৰত গোটৰ নেতা প্ৰবাল নেওগ সহ এটা দলে ৷

বাঘজানত উপস্থিত হৈ অইলক সকিয়নী আলফা যুদ্ধবিৰতি গোটৰ

উল্লেখ্য যে,শুকুৰবাৰে বাঘজান অঞ্চলত গেছ নিৰ্গত কাৰ্যই 10 দিনত ভৰি দিছে ৷ "তেল আমাক লাগে,কিন্তু মানুহ, জীৱ-জন্তু আৰু প্ৰকৃতিক ধ্বংস কৰি অইলক তৈল খনন কৰিবলৈ দিয়া নহ'ব" বাঘজান অঞ্চল ভ্ৰমণ কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰবাল নেওগৰ ৷ অন্যহাতে,অইল ইণ্ডিয়াই কোনো উন্নত প্ৰযুক্তি ব্যৱহাৰ নকৰি কেৱল মাত্ৰ বেপাৰী মনোভাৱেৰে অসমত তৈল খনন আৰু উৎপাদন কাৰ্য চলাই আছে বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ উল্লেখযোগ্য যে,তৈলখাদটোৰ গেছ নিৰ্গমন বন্ধ কৰিবলৈ বিদেশৰ পৰা এটা বিশেষজ্ঞৰ দল অহাৰ কথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই জনাইছিল যদিও আজি দহ দিন পাৰ হৈ যোৱাৰ পাছতো বৰ্তমান পৰ্যন্ত বাঘজানত আহি উপস্থিত হোৱা নাই বিদেশৰ কোনো বিশেষজ্ঞৰ দল ।

লগতে পঢ়কঃ দীপকৰ পৰা দীপিকালৈ: যোধপুৰৰ এগৰাকী নৃত্যশিল্পী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.