ETV Bharat / state

ULFA demands money from MLA : বিধায়কক ধন দাবী সন্দৰ্ভত আলফাৰ স্পষ্টীকৰণ - ULFA press release on demands money from MLA

আলফা (স্বা) য়ে বিধায়কৰ পৰা ধনদাবী কৰাক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত ৷ বিষয়টো সন্দৰ্ভত বিবৃত্তি যোগে স্পষ্টীকৰণ আলফা(স্বা)ৰ (ULFA press release on demands money from MLA) ৷

ULFA press release
ধন দাবী সন্দৰ্ভত আলফাৰ স্পষ্টীকৰণ
author img

By

Published : Mar 21, 2023, 10:35 AM IST

তিনিচুকীয়া, 21 মাৰ্চ : ৰাজ্যৰ ভাৰতীয় জনতা দলৰ কেইবাগৰাকীও বিধায়কক সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ৰ তৰফৰ ধন দাবী কৰা অভিযোগ উত্থাপিত হৈছে । চৰ্চিত যে কেইবাগৰাকী বিধায়কলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ লগতে ফোনযোগে দাবী কৰা ধনৰ পৰিমাণ সোনকালে আদায় দিয়াৰ সকীয়নি আলফা (স্বা) ৰ পৰা প্ৰদান কৰা হৈছে বুলি চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে ৷ ধন দাবী পত্ৰ লাভ কৰাৰ পিছতে একাংশ বিধায়কে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত কৰে আৰু আৰক্ষী সঞ্চালকগৰাকীয়ে আলফা (স্বা)ক দাবী কৰা ধন নিদিবলৈ বিধায়কসকলক কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (ULFA demands money from MLA) ।

উল্লেখযোগ্য যে বিধায়কসকলৰ পৰা ৪০ লাখ টকাৰ পৰা ৫ কোটি টকা পৰ্যন্ত দাবী কৰাৰ কথা চৰ্চিত হৈছে ৷ তাৰ পাছতে আজি সংগঠনটোৰ তৰফৰ পৰা সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি বিধায়কক ধন দাবী কৰাৰ বিষয়টো অস্বীকাৰ কৰে আলফা (স্বা) য়ে ৷ আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত প্ৰেছ বিবৃত্তিটোত উল্লেখ আছে যে, বিগত কিছুদিন ধৰি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)য়ে ৰাজ্যৰ বিজেপি বিধায়কক ধন দাবী কৰা বুলি অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে । প্ৰচাৰিত হোৱা বাতৰিত উজনিৰ মুষ্টিমেয় কেইগৰাকীমান বিধায়কৰ বিষয়ে উল্লেখ কৰা হৈছে । সংযুক্ত মুক্তি বাহিনী, অসমে জনপ্ৰতিনিধিৰ পৰা আৰ্থিক অনুদান বিচাৰিব লগা হ'লে উজনি-নামনি ভাগ নকৰি সমগ্ৰ অসমৰ বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰিলেহেঁতেন বুলি বিবৃত্তিযোগে সংগঠনটোৱে স্পষ্ট কৰি দিয়ে (ULFA Reaction on demands money from MLA) ।

ইয়াৰোপৰিও ম্যানমাৰৰ ৰহিঙ্গীয়া সংগঠনক আলফা (স্বা) আৰু এন এচ চি এন য়ে যৌথভাৱে সামৰিক প্ৰশিক্ষণ প্ৰদান কৰা সন্দৰ্ভত প্ৰচাৰ হোৱা এক বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে আলফা (স্বা) য়ে । ওপৰোক্ত দুয়োটা অভিযোগ বলিষ্ঠভাৱে খণ্ডন কৰি সংগঠনটোৱে উল্লেখ কৰে যে, সংযুক্ত মুক্তি বাহিনী, অসম (স্বা) ৰ জনসমাদৰ বাঢ়ি অহাৰ লগে লগে শত্রুপক্ষই উদ্দেশ্যপ্রণোদিতভাৱে আলফা (স্বা)ক প্ৰতিহত কৰিবলৈ এনে ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি গুৰুতৰ অভিযোগ আনে ৷

লগতে পঢ়ক : Assam Budget 2023 : অখিল গগৈৰ মতে এইবাৰৰ বাজেট মুখ্যমন্ত্ৰীময়

এনে ষড়যন্ত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰত একাংশ বৈদ্যুতিক আৰু ছপা সংবাদ মাধ্যমে অৰিহণা আগবঢ়াই আহিছে বুলি সংগঠনটোৱে বিবৃত্তিটোত উল্লেখ কৰে । আলফা (স্বা)-এন এচ চি এনৰ আৰু ৰহিঙ্গীয়া সংগঠনৰ ভৌগোলিক অৱস্থানৰ ওপৰত বিজ্ঞানসন্মতভাৱে বিশ্লেষণ নকৰি শত্রুপক্ষই যুগুতাই দিয়া বাতৰিকে একাংশ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিক বন্ধু সকলে সম্প্ৰচাৰ কৰি উৰা-বাতৰি বাহক হোৱাটো সংগঠনটোৱে কামনা নকৰে বুলি উল্লেখ কৰি সংবাদ প্ৰতিষ্ঠান তথা সংবাদ কৰ্মীসকলক অনাগত দিনত এনে ভুল তথা ভিত্তিহীন বাতৰি সম্প্ৰচাৰ নকৰিবলৈ আলফা (স্বা)য়ে আহ্বান জনালে ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.