ETV Bharat / state

বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বা)ৰ

বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সংযুক্ত মুক্তি বাহিনী অসমৰ লেফটেনেণ্ট কৰ্ণেল ৰূপক অসমে ৷

author img

By

Published : Jun 10, 2020, 4:06 PM IST

ulfa reaction about baghjan incident
ulfa reaction about baghjan incident

তিনিচুকীয়া, 10 জুনঃ 'অসমৰ সম্পদ অবৈধ লুণ্ঠন কৰি থকা ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ অধীনস্থ "অইল ইণ্ডিয়া লিমিটেড"ৰ চৰম গাফিলতিৰ বাবেই ২৭ মে'ৰ পৰা তিনিচুকীয়াৰ বাঘজানস্থিত বি জি আৰৰ পাঁচ নম্বৰ তৈলকূপত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় ৷' এই মন্তব্যৰে বাঘজানত সংঘটিত ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বা)ৰ লেফটেনেণ্ট কৰ্ণেল ৰূপক অসমে ৷

বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বা)ৰ

ইয়াৰোপৰি তেওঁ কয় যে,অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ড এয়া কোনো নতুন কথা নহয় ৷ অইল কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ ফলত একাধিকবাৰ তেল পৰিবাহী পাইপলাইনত বিস্ফোৰণ হোৱাৰ লগতে,তৈলখাদত বিস্ফোৰণৰ ফলত বিস্তৰ অঞ্চলৰ কৃষক ৰাইজ,পশুধন,শস্য পথাৰৰ ক্ষয়-ক্ষতি হোৱাৰ উদাহৰণ আছে ৷ অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অসমৰ জাতীয় সম্পদৰ বৃহৎ অপচয় হোৱাই নহয়,ইয়াৰ পৰা অসমৰ পৰিৱেশ আৰু জলবায়ুত কু-প্ৰভাৱ পৰিছে আৰু ইয়াক জঘন্য অপৰাধ হিচাপে আলফা (স্বা)ই গণ্য কৰিছে ৷

লগতে পঢ়কঃ যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.