তিনিচুকীয়া,4 জানুৱাৰীঃ শনিবাৰে জামিন লাভ কৰিলে প্ৰাক্তন আলফা নেতা জিতেন দত্তই। তিনিচুকীয়া আৰু মাৰ্ঘেৰিটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে আলফা নেতা গৰাকীৰ। প্ৰাক্তন আলফা নেতা গৰাকীৰ ইতিমধ্যে জামিন মঞ্জুৰ হৈছে যদিও শনিবাৰৰ পৰিৱৰ্তে 5 জানুৱাৰী অৰ্থাৎ দেওবাৰেহে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা জিতেন দত্ত।
উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত জড়িত থকাৰ বাবে তিনিচুকীয়া থানাত কেছ নং ১৯২৪/২০১৯ আৰু ভাৰতীয় দণ্ডবিধি ধাৰা 147/148/149/336/353/332/427 ত আটক কৰিছিল নেতাগৰাকীক ।
লগতে পঢ়কঃ শিৱসাগৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত মানৱ শৃংখল