ETV Bharat / state

ULFA(I) Reaction on Kardoiguri Flood effected family: বেদখলকাৰীক ভূমি এৰি দিবলৈ সকিয়নি আলফা স্বাধীনৰ - সকিয়নি আলফা স্বাধীনৰ

তিনিচুকীয়াত ভূমি বেদখলকাৰীৰ উপদ্ৰৱ ৷ বৰ্যাৰ্তৰ নামত আৱণ্টন হোৱা 25 বিঘা অনতিপলমে বেদখলকাৰীক এৰি দিবলৈ সকিয়নি আলফা স্বাধীনৰ (ULFA Reaction on Kardoiguri Flood effected family)৷

ULFA(I) Reaction on Kardoiguri Flood effected family
বেদখলকাৰীক ভূমি এৰি দিবলৈ সকিয়নি আলফা স্বাধীনৰ
author img

By

Published : Aug 7, 2022, 12:27 PM IST

তিনিচুকীয়া, 7 আগষ্ট: তিনিচুকীয়াত ভূমি বেদখলকাৰীৰ উপদ্ৰৱ ৷ বন্যাৰ্তৰ নামত আৱণ্টন কৰা ভূমি বেদখল কৰাৰ ফলত তিৰপালৰ তলত দিন কটাবলগীয়া হৈছে 24 টাকৈ পৰিয়ালে ৷ এই খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আলফা স্বাধীনে (ULFA Reaction on Kardoiguri Flood effected family) ৷

বেদখলকাৰীক ভূমি এৰি দিবলৈ সকিয়নি আলফা স্বাধীনৰ

বেদখলকাৰীক সকিয়নি প্ৰদান কৰি আলফা স্বাধীনে এক বিবৃত্তি প্ৰচাৰ কৰি কয়, "সোণজান-তৰাণি অঞ্চলত ৰূপক দত্তই নামৰ ইলাহী ব্যক্তিজনে বেদখল কৰি ৰখা 25 বিঘা মাটি শেহতীয়াকৈ ডুমডুমাৰ কৰ্দৈগুৰি অঞ্চলৰ বান আৰু গৰাখহনীয়াই বিধ্বস্ত কৰা 24 টা পৰিয়ালৰ বাবে আৱম্টন দিয়াৰ পিছতো ৰূপক দত্তই মাটিখিনি এৰি নিদিয়াত উক্ত পৰিয়ালকেইটাই তম্বুৰ তলত দিন পাৰ কৰা আমি সংবাদমাধ্যমযোগে প্ৰত্যক্ষ কৰিছো ৷ থলগিৰি ৰাইজৰ বৃহৎ স্বাৰ্থাথে ৰূপক দত্ত ডাঙৰীয়ালৈ এই বিবৃত্তিৰ জৰিয়তে আমি আহ্বান জনাওঁ যে, যিহেতু আপুনি এগৰাকী অৱস্থপন্ন ব্যক্তি, গতিকে বানপীড়িত এই থলগিৰি পৰিয়াল কেইটাক আদালতৰ মজিয়াত থিয় নকৰাই মহানুভৱতাৰ অনন্য নিদৰ্শন দাঙি ধৰি উক্ত মাটিখিনি ভুক্তভোগী পৰিয়ালকেইটাক ঘৰ সাজিব পৰাকৈ মুক্ত কৰি দিয়ে যেন ৷ আপোনাৰ এনে উদাৰতে আমাৰ লগতে অসমৰ সকলো ৰাইজে কামনা কৰে ৷ লগতে উক্ত বিষয়ত সেই স্থানলৈ পুনৰ দা-কুঠাৰ, যাঠি-জোং লৈ যাতে কোনো লোকে আহি অশান্তিৰ বাতাবৰণ সৃষ্টি নকৰে ৷ অন্যথা তেনে কৰ্মত লিপ্ত ব্যক্তিৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম ৷"

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত কৰদৈগুৰি অঞ্চলৰ ২৪ টাকৈ বান বিধ্বস্ত পৰিয়ালক সোণজান-তৰাণি অঞ্চলত ভূমি আৱণ্টন দিছিল চৰকাৰে ৷ কিন্তু দুৰ্ভাগ্যজনক ভাৱে ৰূপক দত্ত নামৰ ব্যক্তিজনে বান বিধ্বস্ত পৰিয়ালক উক্ত ভূমিসমূহ এৰি নিদিয়াত ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত বিগত ৮ দিনে তিৰপালৰ তলত আশ্ৰয় শিবিৰ লৈ দিন কটাইছে ৷ ভূতৰ ওপৰত দানহ পৰাদি কোনো দুৰ্বৃত্তৰ দলে হাতত চোকা অস্ত্ৰ, যাঁঠি-জোং লৈ বন্যাৰ্ত পৰিয়ালকইটাক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছিল ৷

লগতে পঢ়ক:ULFA(I) Peace talk: শান্তি আলোচনাৰ পৰিৱৰ্তে অভিযান-আক্ৰমণৰ বাতাবৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.