ETV Bharat / state

ULFA linkman arrested: আলফা(স্বা) লৈ ওলোৱা ১৭ যুৱকৰ নাম তালিকা সেনা-আৰক্ষীৰ হাতত - অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাস

ধনদাবীৰ সমান্তৰালকৈ উজনিত ব্যাপক ৰূপত নতুন সদস্যভৰ্তি অভিযান আলফা (স্বা)ৰ ৷ সংগঠনটোৰ লগত সক্ৰিয়তাৰে কাম কৰা দুজনক আটক আৰক্ষীৰ ৷ নতুনকৈ আলফালৈ যাবলৈ সাজু হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী যুৱকৰ নাম তালিকা সেনা-আৰক্ষীৰ হাতত ৷

ULFA linkman arrested in Tinsukia
আলফা (স্বা)ৰ৷ সক্ৰিয়তাৰে কাম কৰা দুজনক আটক আৰক্ষীৰ
author img

By

Published : Aug 1, 2023, 5:10 PM IST

Updated : Aug 1, 2023, 5:26 PM IST

অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাস

তিনিচুকীয়া, ১ আগষ্ট: তিনিচুকীয়া জিলাৰ লগতে সমগ্ৰ ৰাজ্যত সংযুক্ত মুক্তি বাহিনী, অসমে (স্বাধীন) যুৱ প্ৰজন্মক সংগঠনত যোগদান কৰাৰ বাবে আৰম্ভ কৰি আছে অভিযান । আলফা (স্বা)ৰ লিংকমেন যোৰহাটৰ জুমন বৰাক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচতে বহুতো তথ্য লাভ কৰিছে ৷ এই তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে দুজনক আটক কৰিছে ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে মঙলবাৰে এক সংবাদমেলযোগে সদৰী কৰে এই তথ্য ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে সদৰি কৰা অনুসৰি, জুমন বৰাক আটক কৰাৰ পাছতে মামৰণীত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ সেয়া আৰক্ষীৰ কাৰণে আছিল বৃহৎ সফলতা ৷ কাৰণ, সেই বিস্ফোৰকৰ জৰিয়তে সাতটাকৈ স্থানত বিভিন্ন কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷ যিটো পৰিকল্পনা আৰক্ষীয়ে ইতিমধ্যে ভংগ কৰিবলৈ সক্ষম হৈছে ৷

তাৰ সমান্তৰালভাৱে আৰক্ষীয়ে শশাংক ৰাজখোৱাক আটক কৰে ৷ শশাংক ৰাজখোৱাৰ তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু সেনাৰ দলে দুটা বছৰৰ পূৰ্বে আত্মসমৰ্পণ কৰা পেঙেৰীৰ সুৰজিত গগৈক আটক কৰিবলৈ সক্ষম হয় ৷ আলফা(স্বা)ৰ নেতা অভিজিত গগৈ ওৰফে আইছেং অসমৰ নিৰ্দেশত সুৰজিত গগৈয়ে তিনিচুকীয়া জিলাৰ ১৭ গৰাকী যুৱকক আলফাত যোগদানৰ বাবে প্ৰস্তুতি চলাইছিল ৷ সুৰজিত গগৈক আটক কৰি জেৰা চলোৱাৰ পাছত ওলাইছে এইসমূহ তথ্য ৷

ইয়াৰ লগতে নতুনকৈ আলফালৈ যাবলৈ সাজু হোৱা তিনিচুকীয়া, শদিয়া, পেঙেৰী, বৰডুমছা অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী যুৱকৰ নাম তালিকা লাভ কৰিছে সেনা-আৰক্ষীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে ফোন ৰেকৰ্ডিং, সামাজিক মাধ্যমৰ বিৱৰণৰ লগতে যোগাযোগ কৰা সম্পূৰ্ণ তালিকা লাভ কৰিছে ৷ এইক্ষেত্ৰত বহিঃৰাজ্যত কাম কৰি ঘৰলৈ ওভতা, প্ৰাক্তন আলফা(স্বা)ৰ সদস্যৰ লগতে বিভিন্নজনৰ সৈতে সংগঠনৰ পৰা আইছেং অসমে যোগাযোগ কৰিছিল । আৰক্ষীয়ে এই তৎপৰতাৰ বাবেই বহু যুৱক সংগঠনলৈ যাত্ৰা কৰাৰ পৰা ৰোধ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Encountr in Tinsukia: লক্ষীপথাৰত মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ

Last Updated : Aug 1, 2023, 5:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.