ETV Bharat / state

Smuggling of crude oil in Tinsukia: পুষ্পাৰ কায়দাৰে চোৰাং খাৰুৱা তেল সৰবৰাহ কৰি আৰক্ষীৰ জালত দুই যুৱক

author img

By

Published : Mar 5, 2023, 10:46 PM IST

কাকপথাৰত পুষ্পাৰ কায়দাৰে সৰবৰাহ কৰা চোৰাং খাৰুৱা তেল সহ দুজনক আটক কৰে আৰক্ষীয়ে (Two youths arrested for smuggling crude oil) ৷

Smuggling of crude oil in Tinsukia
কাকপোথাৰত খাৰুৱা তেলৰ চোৰাং ব্যৱসায়
পুষ্পাৰ কায়দাৰে চোৰাং খাৰুৱা তেল সৰবৰাহ কৰি আৰক্ষীৰ জালত দুই যুৱক

তিনিচুকীয়া, ৫ মাৰ্চ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় জিলাত দীৰ্ঘদিন ধৰি একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে চোৰাং খাৰুৱা তেলৰ ৰমৰমীয়া বেহা ৷ বিগত দিনসমূহত তিনিচুকীয়া আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান চলাই চোৰাং খাৰুৱা তেলভৰ্তি টেংকাৰ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইটাও তেল চুৰি চক্ৰৰ সৈতে জড়িত লোকক ৷ তাৰ পাছতো কিন্তু আৰক্ষীৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বিভাগে সম্পূৰ্ণ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই তেল চুৰি কাৰ্য ।

দেওবাৰে পুনৰ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ ফুকনৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই চোৰাং খাৰুৱা তেল কঢ়িয়াই নিয়া এখন বিশেষ ডাম্পাৰ জব্দ কৰে (smuggling of crude oil at kakpothar) । জব্দ কৰা ডাম্পাৰখনৰ নম্বৰ NL04 D6319 ৷ ডাম্পাৰখনত প্ৰায় ৬০০০ লিটাৰ চোৰাং খাৰুৱা তেল লুকুৱাই সৰবৰাহ কৰিছিল ৷

খাৰুৱা তেলখিনি ডাম্পাৰখনত শিল বালিৰ তলত এটা বিশেষ কোঠা তৈয়াৰ কৰি লুকুৱাই অনা হৈছিল । ফিল্মী ষ্টাইল অৰ্থাৎ পুষ্পা চিনেমাখনৰ দৰে দুখলপীয়াকৈ সজাই লোৱা ডাম্পাৰখনৰ ওপৰৰ খলপটোত বালি আৰু তলৰ খলপত চোৰাং খাৰুৱা তেল থকাৰ লগতে কাষত শিলেৰে সজাই ৰখা হৈছিল ৷

কাকপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ ফুকনৰ তদন্তৰ ভিত্তিত জানিব পৰা মতে, মাকুমৰ পৰা ডিৰাকলৈ কঢ়িয়াই লৈ গৈ থকা হৈছিল চোৰাং খাৰুৱা তেলখিনি ৷ চোৰাং খাৰুৱা তেলখিনি নিয়া ডাম্পাৰখনৰ লগত জড়িত তিনিচুকীয়াৰ জীৱন দহোটীয়া আৰু খৰ্বজ্যোতি গগৈ নামৰ দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে লগতে উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব উক্ত চোৰাং খাৰুৱা তেল সৰবৰাহৰ সৈতে কোন কোন জড়িত হৈ আছে ৷

উল্লেখযোগ্য যে, দুলীয়াজানত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অইল ইণ্ডিয়া লিমিটেডৰ তেলচুৰি কাৰ্য নচলিব বুলি সকীয়নি প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে তেল চোৰলৈ গুলী নিক্ষেপ কৰা হ’ব বুলি সৰৱ হৈ পৰিছিল ৷ তাৰ পাছতে আৰক্ষী আৰু অইল ইণ্ডিয়া লিমিটেডৰ নিৰাপত্তা বিভাগে তেল চোৰৰ বিৰুদ্ধে সস্তম হৈ পৰাৰ লগতে আটক কৰিছিল বহুতো তেলচোৰ ৷ কিন্তু তাৰ পাছতো বিভিন্ন প্ৰান্তত তেলচুৰি চক্ৰটোৱে আৰক্ষীক চেলেঞ্জ কৰি তেল চুৰি কাৰ্য অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Rhino menace at Golaghat: গোলাঘাটৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.