ডুমডুমা, ৫ এপ্ৰিলঃ অৰুণাচলত আত্মসমৰ্পণ কৰিলে দুই আলফা (স্বা) সদস্যই । অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপুং আৰক্ষী থানাত আত্মসমৰ্পণ কৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ দুই ধৃত সদস্যই ।
![Two Ulfa Cadrer surrendered in Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ddm-803-04apr-ulfa-photo03-bhaskar-dahal-asc10048_04042020212306_0404f_1586015586_579.jpg)
আত্মসমৰ্পণৰ সময়ত অৰুণাচল আৰক্ষীৰ লগত আছিল জয়ৰামপুৰ আৰু নামপুং স্থিত ১৯ নং অসম ৰাইফলচৰ এটি দল । আত্মসমৰ্পণকাৰী সদস্য দুজন ক্ৰমে হৈছে চন্দ্ৰ লেখাৰু (২৬) আৰু জাহ্নু বৰুৱা (২০) ।
![আত্মসমৰ্পণ আলফা (স্বা) ৰ সদস্যৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ddm-803-04apr-ulfa-photo03-bhaskar-dahal-asc10048_04042020212306_0404f_1586015586_894.jpg)
ধৃত চন্দ্ৰ লেখাৰুৰ ঘৰ কাৰ্বি আংলং জিলাৰ পাৰখোৱা অঞ্চলত । ইয়াৰ বিপৰীতে জাহ্নু বৰুৱাৰ ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ জেৰাই গাঁৱত । আত্মসমৰ্পণৰ সময়ত সদস্য দুজনে আৰক্ষীক কোনোধৰণৰ মাৰণাস্ত্ৰ জমা দিয়া নাই । বৰ্তমানে দুয়োজন সদস্যকে নামপুং আৰক্ষী আৰু অসম ৰাইফলচৰ এটি দলে সোধা পোচা অব্যাহত ৰাখিছে ।
COVID-19ৰ হেঁচাই টোপনি কাঢ়ি নিছে ! ভাল টোপনিৰ বাবে গ্ৰহণ কৰক এইসমূহ উপায়....