শদিয়া, 12 ডিচেম্বৰ : শনিবাৰে শনি লাগিল কাকপথাৰত ৷ কালিকা লগা শনিবাৰৰ নিশা কাকপথাৰৰ ডিৰাক গেটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Kakopathar) ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত (Two people died in a road accident) হয় দুজন ব্যক্তি ৷ নিহত দুজন ব্যক্তি ক্ৰমে তিনিচুকীয়াৰ গোবিন্দপুৰৰ দেৱজিৎ শইকীয়া আৰু মহাদেৱপুৰৰ সন্তোষ ঠাকুৰ বুলি জানিব পৰা গৈছে ৷
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, পথৰ কাষতে ৰৈ আছিল AS 23 BC 7371 নম্বৰৰ এখন ডাম্পাৰ ৷ কিন্তু হঠাৎ ৰৈ থকা ডাম্পাৰখনক AS 23 CC 3963 নম্বৰৰ এখন বলেৰ' বাহনে তীব্ৰগতিত আহি খুন্দিয়ায় ৷ যাৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো ৷ মূহুৰ্ততে ডাম্পাৰখনত থকা চালক দেৱজিৎ শইকীয়া আৰু সন্তোষ ঠাকুৰ নামৰ চাইকেল আৰোহীগৰাকী নিহত হয় ৷
নিহত দেৱজিৎ শইকীয়াৰ সহকৰ্মীয়ে প্ৰকাশ কৰা অনুসৰি, বলেৰ’খনৰ চালকগৰাকীয়ে অত্যাধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই ঘটনাত গুৰুতৰভাৱে আহত বলেৰ’ৰ চালক মহাদেৱপুৰৰ মুন দেউৰীক নিশাৰ ভাগতে সংকটজনক অৱস্থাত চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক : Road Accident at Jalukbari : নিশাৰ মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 2