তিনিচুকীয়া, ১৩ এপ্ৰিল : বৰ্তমান সমাজত বীণ, ঢোতং, সুতুলি আদিৰ দৰে কিছুমান থলুৱা লোকবাদ্যৰ ব্যৱহাৰ অতি সীমিত হৈ আহিছে (Mythological folk instruments of Assam)৷ আজিৰ প্ৰজন্মৰ বহুতৰে বাবে আকৌ এই লোকবাদ্যবোৰ অচিনাকী । কিছুমান লোকবাদ্য এতিয়া গাঁৱে-ভূঞে থকা আঙুলিত হিচাপ কৰিব পৰা বয়োজ্যেষ্ঠ লোকেহে জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে (Efforts to promote folk instruments)৷ তেনে সময়তে হাতত বীণ, ঢোতং আৰু বজাল বাঁহৰ সুতুলি লৈ বিহুৰ অপেক্ষাত আছে দুগৰাকী সংস্কৃতিৰ সাধক ।
সেই দুগৰাকী লোকশিল্পী হৈছে তিনিচুকীয়া কৰদৈগুৰিৰ বিৰেশ্বৰ মৰাণ আৰু হৰিৎ মৰাণ । ইতিমধ্যে বিহুৰ অনুষ্ঠানকে ধৰি বহু কাৰ্যসূচীত অংশ লৈ পৌৰাণিক লোকবাদ্যসমূহ আৰু গীত পৰিৱেশন কৰি যথেষ্ট সমাদৰ লাভ কৰিছে । দুয়োগৰাকী শিল্পীয়ে ৭০ বছৰ উৰ্ধৰ যদিও লোকবাদ্যসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিবলৈ এৰা নাই (Tinsukia artist tried to promote folk instruments)।
গৰু, ম'হ ৰখীয়া হৈ থাকোতে ডেকাকালত বীণ, ঢোতং আদি বজাইছিল বিৰেশ্বৰ মৰাণ আৰু হৰিৎ মৰাণে । লগতে সন্ধিয়া গাঁৱত ঘৰে ঘৰে বীণ বজাই ফুৰিছিল । সেই অভ্যাস আজিও সলনি হোৱা নাই দুয়োগৰাকী শিল্পীৰ । বিহুৰ বাবে দুয়োগৰাকী শিল্পী পৌৰাণিক লোকবাদ্যসমূহ লৈ পুনৰ ৰাইজক আমোদ দিবলৈ সাজু হৈছে ।
উল্লেখ্য যে ঢোতং হ'ল এবিধ পৌৰাণিক বাদ্য । ঢোল সৃষ্টিৰ পূৰ্বে ঢোতঙৰ সৃষ্টি হৈছিল বুলি কথিত আছে । আনহাতে ঢোতঙৰ পৰাই ঢোলৰ সৃষ্টি হয় । ঢোতং হ'ল এবিধ গাঁঠি নথকা বাঁহৰ চুঙা । জুইত মাজৰ এটা অংশ পুৰি চাঁচি লোৱা হয় আৰু শৰীৰৰ পেটৰ অংশত লৈ এডাল লাঠিৰে বজোৱা হয় ঢোতং । আনহাতে, মুগাৰ সূতা, গুঁইৰ চাল, নাৰিকলৰ খোলা আৰু বাঁহেৰে প্ৰস্তুত কৰা হয় ৷
পূৰ্বতে বিহু পৰিৱেশনৰ সময়ত বৰ্তমানৰ বাঁহীৰ দৰেই বীণ ব্যৱহাৰ কৰা হৈছিল ৷ বীণৰ শুৱলা মাতে সকলোৰে মন মুহিবলৈ সক্ষম হয় ৷ এতিয়া যিহেতু এই ধৰণৰ বাদ্যযন্ত্ৰ সকলোৱে বজাব নাজানে অথবা দেখা নাই সেয়েহে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত কৰদৈগুৰিৰ বিৰেশ্বৰ মৰাণ আৰু হৰিৎ মৰাণক বিশেষভাৱে নিমন্ত্ৰণ জনোৱা হয় । য'ত তেওঁলোকে বীণ, ঢোতঙৰ লগতে থলুৱা পৌৰাণিক বিহুনাম পৰিৱেশন কৰে । পৌৰাণিক লোকবাদ্যসমূহ যুৱপ্ৰজন্মৰ মাজলৈ লৈ যোৱাত বিৰেশ্বৰ মৰাণ আৰু হৰিৎ মৰাণে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাবাদী ৰাইজ ।
লগতে পঢ়ক :Selfreliant With Nursery: ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে উচ্চ শিক্ষিত উদ্যমী পবিত্ৰৰ নাৰ্চাৰী