ETV Bharat / state

Sadiya Gang Rape: শদিয়াৰ কিশোৰী ধৰ্ষণকাণ্ডত জড়িত দুই অভিযুক্তক জে’ললৈ প্ৰেৰণ; মূল অভিযুক্ত পলাতক - gang rape of three girls in Sadiya

তিনিচুকীয়া জিলাৰ শদিয়াত সংঘটিত হোৱা এক দলবদ্ধ ধৰ্ষণকাণ্ডৰে এগৰাকী গৃহৰক্ষী জোৱান জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে (Sadiya Rape case) ৷ 29 জানুৱাৰীত সংঘটিত এই ধৰ্ষণকাণ্ডৰে জড়িত দুই অভিযুক্তক দেওবাৰে প্ৰেৰণ কৰা হয় জে’ল হাজোতলৈ (Gang rape in Sadiya) ৷ অৱশ্যে বৰ্তমানেও পলাতক মূল অভিযুক্ত গৃহৰক্ষী জোৱান সত্যজিৎ গগৈ ৷

Sadiya Gang Rape
শদিয়াৰ তিনি কিশোৰীৰ ধৰ্ষণেৰে জড়িত দুই অভিযুক্তক জে’ললৈ প্ৰেৰণ
author img

By

Published : Feb 12, 2023, 4:29 PM IST

শদিয়াৰ তিনি কিশোৰীৰ ধৰ্ষণেৰে জড়িত দুই অভিযুক্তক জে’ললৈ প্ৰেৰণ

তিনিচুকীয়া, 12 ফেব্ৰুৱাৰী: শদিয়াত কিশোৰী ধৰ্ষণকাণ্ডৰে জড়িত দুই অভিযুক্তক জে’ল হাজোতলৈ প্ৰেৰণ (Sadiya rape case) ৷ শনিবাৰে নিশা দুই ধৰ্ষণকাৰীক আটক কৰাৰ পাচতেই তিনিচুকীয়া জিলা ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাই দেওবাৰে প্ৰেৰণ কৰা হয় জে’ললৈ (Accused involved in rape case) ৷ অৱশ্যে বৰ্তমানেও পলাতক ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ৷

উল্লেখ্য যে, 29 জানুৱাৰীত তিনিচুকীয়া জিলাৰ শদিয়াত তিনিগৰাকীক কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল (Gang rape in Sadiya) ৷ এই জঘন্য ঘটনাৰ পাচত তিনি ভুক্তভোগী কিশোৰীৰ পৰিয়ালে শদিয়া থানাত দাখিল কৰিছিল এজাহাৰ ৷ সেই এজাহাৰৰ ভিত্তিতেই শদিয়া আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছিল তদন্ত ৷ অৱশেষত শনিবাৰে নিশা অৰ্থাৎ 11 ফেব্ৰুৱাৰী তাৰিখে দুই অভিযুক্তক আটক কৰি জে’ললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হয় ৷

জে’ললৈ প্ৰেৰণ কৰা দুই লম্পট শদিয়াৰ 6 নং শান্তিপুৰৰ নিবাসী দীপক পেগু (25) আৰু আনটো 5 নং শান্তিপুৰৰ নিবাসী মাৰ্টিন দাও (26) ৷ শদিয়া আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি এই ধৰ্ষণকাণ্ডৰে আৰু লোক জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে ৷ শীঘ্ৰেই ঘটনাৰে জড়িত আটাইকেইজক আটক কৰি জে’ললৈ প্ৰেৰণ কৰা হ’ব বুলিও উল্লেখ কৰিছে শদিয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে (Rape case in Sadiya) ৷

কিন্তু লক্ষণীয়ভাৱে, এই ধৰ্ষণকাণ্ডত এগৰাকী আৰক্ষী জোৱান জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে ৷ ভুক্তভোগী তিনি কিশোৰীৰ পৰিয়ালৰ লোকে এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি শদিয়া চপাখোৱা আৰক্ষী থানাত কৰ্মৰত সত্যজিৎ গগৈ নামৰ গৃহৰক্ষী জোৱানজনে তিনি কিশোৰীক শদিয়াৰ বজাৰত নিজৰ বাহনেৰে নমাই দিয়াৰ চলৰে লৈ যায় অৰুণাচললৈ ৷ তাৰ পাচতেই অন্য বন্ধুৰে সৈতে লগ লাগি হলবদ্ধ ধৰ্ষণ কৰা হয় (Minor girl raped in Sadiya) ৷

পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ লোকে কিশোৰী কেইগৰাকীক অৰুণাচলৰ ফাৰ্ম বস্তিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধৰ্ষণকাণ্ডৰ সৈতে গৃহৰক্ষী জোৱানগৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতেই গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰবী চেত্ৰীয়ে অতি শীঘ্ৰেই মূল অভিযুক্ত সত্যজিৎ গগৈক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে (Police involved in Sadiya rape case) ৷ অন্যথা সত্যজিৎ গগৈক গ্ৰেপ্তাৰ নকৰিলে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: ULFA Cadre killed: তিনিচুকীয়াত সেনা-আৰক্ষীৰ গুলীত নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.