ETV Bharat / state

ভোগালীৰ প্ৰাকক্ষণত মাৰ্ঘেৰিটাত বাণিজ্য মেলাৰ আয়োজন - মাৰ্ঘেৰিটা

6 জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ মাৰ্ঘেৰিটা ৰংগমঞ্চত বাণিজ্য মেলা তথা প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন ৷ মাৰ্ঘেৰিটা এথ্নিক টেক্সটাইল শিপিনীসকলৰ দ্বাৰা থলুৱা হস্তশিল্পজাত সামগ্ৰী, খাদ্য সামগ্ৰী, বস্ত্ৰশিল্পৰ পাৰস্পৰিক শৈলীৰে প্ৰস্তুত কৰা সামগ্ৰীৰ দ্বাৰা আয়োজন এই বাণিজ্য মেলাখনি ৷

trade fair exhibition
মাৰ্ঘেৰিটাত বাণিজ্য মেলা
author img

By

Published : Jan 8, 2021, 7:11 AM IST

মাৰ্ঘেৰিটা,8 জানুৱাৰী : তিনিচুকীয়াৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত 6 জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বাণিজ্য মেলা তথা প্ৰদৰ্শনী অনুষ্ঠান ৷

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন, অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ সহযোগত মাৰ্ঘেৰিটা এথ্নিক টেক্সটাইল শিপিনীসকলৰ দ্বাৰা থলুৱা হস্তশিল্পজাত সামগ্ৰী, খাদ্য সামগ্ৰী, বস্ত্ৰশিল্পৰ পাৰস্পৰিক শৈলীৰে প্ৰস্তুত কৰা সামগ্ৰীৰ দ্বাৰা আয়োজন কৰা হৈছে এই বাণিজ্য মেলাখনি ৷

মাৰ্ঘেৰিটাত বাণিজ্য মেলা

অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই । মাৰ্ঘেৰিটা সমষ্টিটোৰ অন্তৰ্গত অতি ভিতৰুৱা অঞ্চলৰ মহিলাসকলে ঘৰতে নিৰ্মাণ কৰি উলিওৱা বিভিন্ন খাদ্য সামগ্ৰী তথা হস্ততাঁতৰ জৰিয়তে তৈয়াৰ কৰা সামগ্ৰীসমূহ বিক্ৰীৰ বাবে বাবে প্ৰয়াস কৰা বুলি উল্লেখ কৰি ভোগালী বিহুৰ প্ৰাকমূহুৰ্তত মহিলাসকলে লোৱা পদক্ষেপ অতি আদৰণীয় বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, সমষ্টিটোৰ অতি ভিতৰুৱা অঞ্চলৰ মহিলাসকলে নিজ প্ৰচেষ্টাৰে আয়োজন কৰা প্ৰদৰ্শনী অনুষ্ঠানৰ বাবে শলাগ লয় আৰু অনাগত দিনত চৰকাৰৰ তৰফৰ পৰা কৰিবলগীয়া খিনি কৰি যাব বুলি আশ্বাস প্ৰদান কৰে মাৰ্ঘেৰিটাৰ বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : বিটিআৰৰ বাজেট অধিবেশনত অংশ নলয় বিপিএফ দলেঃ দনেশ্বৰ গয়াৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.