ETV Bharat / bharat

ভাৰতস্থিত গ্ৰেনাডাৰ প্ৰথমজন প্ৰবাসী উচ্চায়ুক্তক সাক্ষাৎ পবিত্ৰ মাৰ্ঘেৰিটাৰ - MARGHERITA MET GITA KISHOREKUMAR

নতুন দিল্লীত গ্ৰেনাডাৰ নৱ-নিযুক্ত ভাৰতস্থিত প্ৰথমগৰাকী প্ৰবাসী উচ্চায়ুক্ত গীতা কিশোৰকুমাৰ পাছুপুলেটিক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷

MoS Margherita meets first Non Resident High Commissioner Pasupuleti of Grenada to India
ভাৰতস্থিত প্ৰথমগৰাকী প্ৰবাসী উচ্চায়ুক্ত (ANI)
author img

By ANI

Published : Dec 20, 2024, 1:22 PM IST

নতুন দিল্লী : বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শুকুৰবাৰে নতুন দিল্লীত গ্ৰেনাডাৰ নৱ-নিযুক্ত ভাৰতস্থিত প্ৰথমগৰাকী প্ৰবাসী উচ্চায়ুক্ত গীতা কিশোৰকুমাৰ পাছুপুলেটিক সাক্ষাৎ কৰে । দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰে ।

X ৰ এটা পোষ্টত মন্ত্ৰী মাৰ্ঘেৰিটাই কয়, "গ্ৰেনাডাৰ নৱ-নিযুক্ত ভাৰতস্থিত প্ৰথমগৰাকী প্ৰবাসী উচ্চায়ুক্ত মহামহিম গীতা কিশোৰকুমাৰ পাছুপুলেটিক সাক্ষাৎ কৰি আনন্দিত হৈছো । আমাৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী আৰু আগুৱাই নিয়াৰ সন্গৰ্ভত আমি আলোচনা কৰো ।"

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (Ministry of External Affairs চমুকৈ MEA) প্ৰেছ বিবৃতি অনুসৰি,

ভাৰত আৰু গ্ৰেনাডাৰ সম্পৰ্ক ১৮৫৭ চনৰ ১ মে’ৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া প্ৰথমখন জাহাজ ‘মেডষ্টোন’ গ্ৰেনাডাৰ পাৰত ২৮৭ জন ভাৰতীয় ইনডেঞ্চাৰ্ড শ্ৰমিকক লৈ উপস্থিত হৈছিল, যিখন সেই সময়ত ব্ৰিটিছ উপনিবেশ আছিল আৰু যিয়ে ১৯৭৪ চনত স্বাধীনতা লাভ কৰিছিল । ১৮৫৭ চনৰ পৰা ১৮৮৫ চনৰ ভিতৰত মুঠ ৩২০০ ভাৰতীয় গ্ৰেনাডাত উপস্থিত হয় । ১৮৯০ চনত চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত মুঠ ৩০২ জন ভাৰতীয়ই ভাৰতলৈ উভতি যাবলৈ বাছি লৈছিল । বাকীসকলে গ্ৰেনাডাত থাকি সমাজত যোগদান কৰে ।

পৰম্পৰাগতভাৱে ভাৰতৰ সৈতে গ্ৰেনাডাৰ আন্তৰিক সম্পৰ্ক আছে । ১৯৭৫ চনৰ ১ অক্টোবৰত ভাৰতে গ্ৰেনাডাৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰে । গ্ৰেনাডা সমান্তৰালভাৱে প’ৰ্ট অৱ স্পেইনত আমাৰ মিছনৰ সৈতে জড়িত ।

উল্লেখযোগ্য যে ইয়াত ১২ হাজাৰতকৈ অধিক ইণ্ডো-গ্ৰেনাডিয়ান আছে, যিটো গ্ৰেনাডাৰ মুঠ জনসংখ্যাৰ প্ৰায় ১১ শতাংশ । ইয়াত ভাৰতীয় আৰু মিশ্ৰ ভাৰতীয় মূলৰ লোকসকল অন্তৰ্ভুক্ত কৰা হৈছে ৷ সেয়া হ’ল- ব্যৱসায়ী, পেছাদাৰী, শিক্ষাবিদ আৰু ভাৰতীয় আমেৰিকান ছাত্ৰ ।

ইতিমধ্যে দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ পাৰস্পৰিক ক্ৰিয়াকলাপ বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ দ্বিতীয় ভাৰত-কেৰিকম শীৰ্ষ সন্মিলনৰ (India-CARICOM Summit) আঁৰত প্ৰধানমন্ত্ৰী মোদী আৰু গ্ৰেনাডাৰ প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ মাজত এখনি বৈঠকত মিলিত হয় ।

সন্মিলনৰ সময়ত দুয়োগৰাকী নেতাই শিক্ষা, ICT, স্বাস্থ্যসেৱা, খাদ্য সুৰক্ষা, ক্ৰিকেট, সামৰ্থ বিকাশ (capacity building) আৰু বহনক্ষম উন্নয়নৰ দৰে ক্ষেত্ৰত উন্নয়নমূলক সহযোগিতাৰ বাবে মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰে ৷ সংবাদ সংস্থা ANI ৰ আগত MEA ৰ এজন বিষয়াই কয় । (ANI)

লগতে পঢ়ক : বিশেষজ্ঞৰ দৃষ্টিত 2024 : এই বছৰটো ভাল আছিল, অহা বছৰে অৰ্থনীতিৰ ওপৰত অধিক স্পষ্টতা দিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.