ETV Bharat / state

হলৌ বান্দৰ চাবলৈ তিনিচুকীয়াৰ বাৰেকুৰিত পৰ্যটকৰ ভিৰ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 1:19 PM IST

Updated : Nov 26, 2023, 2:09 PM IST

নিজে নাখাই হলৌ বান্দৰকেইটাক কল খুৱাই আহিছে বাৰেকুৰিবাসীয়ে ৷ বাৰেকুৰিৰ হলৌ বান্দৰে হাত-বাউল মাতিছে দেশী-বিদেশী পৰ্যটক (Hoolock Gibbon day)

Hoolock gibbon in Tinsukia
বাৰেকুৰিৰ হলৌ বান্দৰে হাত বাউলি মাতিছে পৰ্যটক

তিনিচুকীয়া, 26 নৱেম্বৰ : বাৰেকুৰিৰ হলৌ বান্দৰে হাত-বাউল দি মাতিছে দেশী-বিদেশী পৰ্যটকক । তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত বাস কৰা হলৌ বান্দৰ কেইটাক চাবলৈ বাৰেকুৰি অঞ্চললৈ এতিয়া প্ৰতিদিনেই আগমন ঘটিছে বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ ৷ তিনিচুকীয়া চহৰৰ পৰা মাত্ৰ 8 কিঃমিঃ দূৰত্বত অৱস্থিত বাৰেকুৰি অঞ্চলতে মানুহৰ সৈতে বৰ্তমান বাস কৰি আছে পাঁচটাকৈ হলৌ বান্দৰৰ পৰিয়ালে ৷

পাঁচটাকৈ পৰিয়ালত মুঠ 21 টাকৈ বনৰীয়া হলৌ বান্দৰ ঘৰচীয়া জীৱ-জন্তুৰ দৰে মানুহৰ বাৰীতে বাস কৰি আহিছে ৷ যাৰ কাৰণে বাৰেকুৰিলৈ প্ৰতিদিনে দেশ-বিদেশৰ পৰ্যটকৰ লগতে হলৌ বান্দৰৰ ওপৰত অধ্যয়ন কৰিবলৈ অঞ্চলটোলৈ বহুটো ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটিছে ৷

উল্লেখ্য যে, আদিম মানৱ খ্যাত হলৌ বান্দৰক ৰাজ্যৰ কেইবাখনো বনাঞ্চলত পোৱা যায় যদিও মানুহৰ সৈতে সহবাস কৰা হলৌবান্দৰ একমাত্ৰ বাৰেকুৰি অঞ্চলতে প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় ৷ বাৰেকুৰিৰ তৰাজান, ডেংকা, লেছেংকা, যজ্ঞোখোৱা, দীঘলসাঁকো, হাতীজান, বৰগাঁও, মটাপুঙকে আদি কৰি কেইবাখনো গাঁৱৰ ৰাইজে বনৰীয়া হলৌ বান্দৰকেইটাক নিজৰ ঘৰৰ এটা পোহনীয়া জন্তুৰ দৰেই মৰম কৰি আহিছে ৷ নিজে কল নাখায়ো, হলৌ বান্দৰক কল খোৱাই আহিছে বাৰেকুৰিবাসীয়ে ৷

আনহাতে, হলৌ বান্দৰ চোৱাৰ লগতে হৌল বান্দৰ আৰু স্থানীয় মানুহৰ সৈতে থকা সম্পৰ্ক দেখি অভিভূত হৈ পৰে বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলৰ ৷ হলৌ বান্দৰ চাবলৈ কেৱল পৰ্যটকে নহয়, বহু শিক্ষাৰ্থী আহি গৱেষণা কৰাৰ লগতে তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে ৷ বিগত দুটা বৰ্ষৰ পৰা ঈশিকা নামৰ বেংগালুৰুৰ এগৰাকী ছাত্ৰীয়ে বাৰেকুৰিৰ হলৌবান্দৰ আৰু মানুহৰ সম্পৰ্কক লৈ গৱেষণা কৰি থকাৰ লগতে গুৱাহাটীৰ ৰাগিনী নাথ আৰু চিন্ময় সোণোৱালে প্ৰস্তুত কৰি আছে এখন তথ্যচিত্ৰ ৷

নিৰৱে গঢ় লৈ উঠা পৰ্যটন ক্ষেত্ৰ হিচাপে বৰ্তমান পৰ্যবেশিত হোৱা বাৰেকুৰি অঞ্চলটোক লৈ চৰকাৰে অৱহেলা কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কিয়নো, বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কেইবাটাও হলৌ বান্দৰৰ মৃত্যু হোৱাৰ লগতে বিভিন্ন কাৰণত মৃত্যু হৈ আহিছে ইটোৰ পাচত হলৌ বান্দৰ ৷ যাৰ কাৰণে বাৰেকুৰিত হলৌ বান্দৰৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত কৰবাত হেঙাৰ হৈ আহিছে ৷

এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত হলৌ বান্দৰৰ মৃত্যুৰ কাৰণ অধ্যয়ন নকৰাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰতো লোৱা নাই কোনো ব্যৱস্থা । গতিকে হলৌ বান্দৰ সংৰক্ষণৰ লগতে বাৰেকুৰিক অঞ্চলক পৰ্যটন ক্ষেত্ৰতলৈ আগবঢ়াই নিবলৈ অসম চৰকাৰৰ পৰ্যটন নিগমৰ লগে বিভিন্ন দল সংগঠনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : আলহী পক্ষীৰ কোলাহলত পুৱাৰ ৰ’দে ৰিঙিয়াইছে মাগুৰি বিলক

Last Updated : Nov 26, 2023, 2:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.