ETV Bharat / state

বন মাফিয়াৰ হাতোৰাত নিঃশেষ তৰাণি সংৰক্ষিত বনাঞ্চল

author img

By

Published : Aug 30, 2020, 11:39 AM IST

তিনিচুকীয়াত গঢ় লৈ উঠিছে চোৰাং কাঠ ব্যৱসায়ৰ এখন বিশাল সাম্ৰাজ্য ৷ অসাধু ব্যৱসায়ী চক্ৰই একাংশ বন বিষয়াৰ লগতে আৰক্ষী প্ৰশাসনক মোটা অংকৰ বিনিময়ত মেনেজ কৰি ৰখাৰ বাবেই বনাঞ্চলখনত দীৰ্ঘ দিনৰ পৰা বন ধ্বংস অভিযান চলি থকা বুলি অভিযোগ উঠিছে ৷

TORANI FOREST DESTROY ALIIGATONA THEIF
বন মাফিয়াৰ হাতোৰাত নি:শেষ তৰাণি সংৰক্ষিত বনাঞ্চল

ডুমডুমা,30 আগষ্টঃ ৰাজ্যৰ বনাঞ্চল সমূহত এতিয়া চলিছে বন মাফিয়াৰ হাতোৰা । ডুমডুমা বন সংমণ্ডলৰ অধীনস্থ তৰাণি সংৰক্ষিত বনাঞ্চলত বন ধ্বংস যজ্ঞৰ এক ভয়ংকৰ ছবি পোহৰলৈ আহিছে । সংৰক্ষিত বনাঞ্চলখনৰ হুলুং, তিতাচপা আদিৰ দৰে মুল্যৱান গছ কাটি এই গছৰ কুণ্ডা অৰুণাচলৰ লগতে তিনিচুকীয়া জিলাখনত থকা একাংশ মিললৈ যোগান ধৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে ৷

অভিযোগ অনুসৰি, এই মিল সমূহৰ পৰাই গোপনে ৰাজ্যৰ বাহিৰলৈ কাঠ সমূহ যোগান ধৰা হয় ৷ ইফালে, এই ব্যৱসায়ী চক্ৰই একাংশ বন বিষয়াৰ লগতে আৰক্ষী প্ৰশাসনক মোটা অংকৰ বিনিময়ত মেনেজ কৰি ৰখাৰ বাবেই বনাঞ্চলখনত দীৰ্ঘ দিনৰ পৰা বন ধ্বংসৰ অভিযান চলি থকা বুলি অভিযোগ উঠিছে ৷ লক্ষণীয় যে, এই বন ধ্বংস কাৰ্যৰ সৈতে স্থানীয় একাংশ পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয় জড়িত থকাৰ বাবেই স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে আৰক্ষী প্ৰশাসন তথা বন বিভাগ মৌন হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে । তৰাণি সংৰক্ষিত বনাঞ্চলখনত চলি থকা বন ধ্বংস কাৰ্য ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ? নে এনেকৈয়ে বন মাফিয়াৰ হাতোৰাত নিঃশেষ হৈ পৰিব তৰাণি সংৰক্ষিত বনাঞ্চল । সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব স্থানীয় ৰাইজে উল্লেখ কৰে ।

লগতে পঢ়কঃ তেজপুৰত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি জ্যেষ্ঠ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.