ETV Bharat / state

তিনিচুকীয়াত সদৌ অসম শ্বহীদ-নির্যাতিত পৰিয়াল পৰিষদৰ উদ্যোগত শ্বহীদ দিৱস

author img

By

Published : Feb 24, 2020, 5:39 PM IST

সোমবাৰে ডুমডুমা শাখা সাহিত্য সভা ভৱনৰ প্ৰাঙ্গনত তিনিচুকীয়া জিলাখনৰ মুঠ ১৩ গৰাকী অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস উদযাপন কৰা হয় ৷ পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ তথা শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি এক আলেচনা চক্ৰৰো আয়োজন কৰা হয় ।

Tinsukia Swahid diwas celebration
তিনিচুকীয়াত সদৌ অসম শ্বহীদ-নির্যাতিত পৰিয়াল পৰিষদৰ উদ্যোগত শ্বহীদ দিৱস

ডুমডুমা,24 ফেব্ৰুৱাৰীঃ অসম আন্দোলনৰ শ্বহীদ-নির্যাতিত পৰিয়াল বর্গৰ সংগঠন "সদৌ অসম শ্বহীদ-নির্যাতিত পৰিয়াল পৰিষদ" তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন ৷ সোমবাৰে ডুমডুমা শাখা সাহিত্য সভা ভৱনৰ প্ৰাঙ্গনত তিনিচুকীয়া জিলাখনৰ মুঠ ১৩ গৰাকী অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত এই শ্বহীদ দিৱস উদযাপন কৰা হয় ৷ পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ তথা শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি এক আলেচনা চক্ৰৰো আয়োজন কৰা হয় ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শাসনভাৰ গ্ৰহণ কৰিয়েই চৰকাৰৰ ১০০ দিনীয়া কৰ্মসূচীত শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ ৩১৫ জন সদস্যক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ এই প্ৰতিশ্ৰুতিৰ আধাৰতেই শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ ৫ জনক জলসম্পদ বিভাগত নিযুক্তি প্ৰদান কৰে যদিও 310 গৰাকী সদস্য সংস্থাপনৰ পৰা বঞ্চিত হৈ ৰয় ৷ ইয়াকে লৈ ক্ষোভ প্ৰকাশ শ্বহীদ-নিৰ্যাতিতৰ পৰিয়ালবৰ্গৰ ৷ শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ কেইবাটাও দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰীক দাবী জনাইছে শ্বহীদসকলৰ পৰিয়ালবৰ্গই ৷

লগতে পঢ়ক-ৰণক্ষেত্ৰলৈ পৰিণত হাইলাকান্দি জিলা এআইইউডিএফ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.