তিনিচুকীয়া, ২৯ জুলাই: আজি পুৱতি নিশা তিনিচুকীয়া চহৰত সংঘটিত হৈছে এক লজ্জানজনক ঘটনা ৷ নতুনকৈ চৰকাৰী চাকৰিত যোগদান কৰা এগৰাকী অকলশৰীয়া যুৱতীক এক পাষণ্ডই ভাড়াঘৰতে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যুৱতী গৰাকীয়ে শুই থকাৰ সময়তে জনৈক দুৱৰা নামৰ লম্পটে পুৱতি নিশা দুৱাৰ খুলি যুৱতীৰ কোঠাৰ ভিতৰত প্ৰৱেশ কৰে ৷ যুৱতীগৰাকী থকা কোঠাটোৰ মূল দৰ্জাখন যথেষ্ট দুৰ্বল আছিল যাৰ সুযোগ লৈছিল অভিযুক্ত ধৰ্ষণকাৰীয়ে ৷
কোঠাটোৰ ভিতৰত লম্পট জনৈক দুৱৰাই প্ৰৱেশ কৰিয়েই যুৱতীগৰাকীৰ মুখত সোপা মাৰি ধৰে আৰু চিঞৰ-বাখৰ নকৰিবলৈ ধমক প্ৰদান কৰি ধৰ্ষণ কৰাৰ চেষ্টা কৰে যুৱতীগৰাকীক ৷ তাৰ পাচতে যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পলায়ন কৰে লম্পট জনৈক দুৱৰা ৷ পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি অতি কম সময়তে আটক কৰিবলৈ সক্ষম হয় লম্পট জনৈক দুৱৰাক ৷ আনহাতে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত তিনিচুকীয়া আৰক্ষীয়ে সন্দেহজনকভাৱে কেইবাজনকো আটক কৰি সোধ পোচা অব্যাহত ৰাখে ৷
কিন্তু পৰৱৰ্তী সময়ত আটক কৰা কেইবাজনকো মুকলি কৰি দিয়ে যদিও জনৈক দুৱৰা নামৰ অভিযুক্তক আটক কৰি সোধাপোচা অব্যাহত ৰাখিছে ৷ পুৱাই বাণিজ্যিক চহৰ তিনিচুকীয়াত সংঘটিত হোৱা ধৰ্ষণকাণ্ডৰ বিষয়টো বিয়পি পৰাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে অঞ্চলটোত ৷ এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি ধৰ্ষণকাৰীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সচেতন ৰাইজে ৷
লগতে পঢ়ক:Explosives recovered in Tinsukia:তিনিচুকীয়াৰ উপৰ মামৰণীত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ