ETV Bharat / state

Crude oil thief arrested: আৰক্ষীৰ জালত তেলচুৰিৰ লগত জড়িত আন এজন যুৱক - আৰক্ষীৰ জালত তেলচোৰৰ লগত জড়িত আন এজন যুৱক

তেলচোৰৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৷ খাৰুৱা তেলচোৰৰ লগত জড়িত আন এজন যুৱক আটক ৷ আটকাধীন লোকজন শত্ৰুবন বড়া ওৰফে বগা ৷ শত্ৰুবন বড়া তেলচোৰ চক্ৰটোৰ পথ নিৰ্দেশক আছিল ৷

Arrested Crude oil thieves
আৰক্ষীৰ জালত তেলচোৰ বগা
author img

By

Published : Jun 14, 2023, 8:24 PM IST

তিনিচুকীয়া,14 জুন: খাৰুৱা তেলচুৰি ঘটনাৰ লগত জড়িত তেলচোৰ চক্ৰৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান অব্যাহত আছে ৷ পুনৰ আৰক্ষীৰ জালত পৰিল খাৰুৱা তেলচোৰৰ লগত জড়িত আন এজন যুৱক ৷ ধৃত যুৱকজন মাকুম ধুলিজান গাঁৱৰ শত্ৰুবন বড়া ওৰফে বগা বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি শত্ৰুবন বড়াই তেলচোৰ চক্ৰটোৰ পথ নিৰ্দেশনাৰ দায়িত্বত আছিল ৷

২৬ মে’ৰ ঘটনাৰ লগত জড়িত চক্ৰটোৰ ছয় গৰাকী লোকক বৰ্তমানলৈ তিনিচুকীয়া আৰক্ষীয়ে কৰায়ত্ব কৰিছে ৷ সেই সকলৰ ভিতৰত ক্ৰমে বীৰবল গোঁহাই, জান্টু মৰাণ, বলীন ৰাজপুত, সাংবাদিক অমিত গগৈ আৰু বিজেপি কৰ্মী ৰাজা ৰায় ৷ সমান্তৰালভাৱে, এগৰাকী আৰক্ষী বিষয়াৰো নাম সাঙুৰ খাইছে তেলচোৰ চক্ৰটোৰ লগত ৷ কিন্তু বৰ্তমানো পলাতক খাৰুৱা তেলচোৰ চক্ৰৰ মাষ্টাৰ মাইণ্ড আৰু চক্ৰটোৰ জ্যেষ্ঠ ব্যক্তিগৰাকী ৷ ইপিনে গুৱাহাটীৰ তেলৰ দালাল চক্ৰটোক কেতিয়া বিচাৰি পাব তিনিচুকীয়া আৰক্ষীয়ে ! কিয়নো গুৱাহাটীৰ সিং উপাধিৰ লোকজনৰ বাসগৃহত অভিযান চলায়ো ব্যৰ্থ হ’ল তিনিচুকীয়া আৰক্ষী ৷

তিনিচুকীয়াৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে জানিবলৈ দিয়া অনুসৰি চক্ৰটোৰ গুৱাহাটীৰ সিং উপাধিৰ লোকজন বহিঃৰাজ্যলৈ পলায়ন কৰিছে ৷ এই সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে বহিঃৰাজ্যৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে বুলি সদৰী কৰে ৷ আৰক্ষীৰ চকুত ধূলি দি বৰ্তমানেও পলাবলৈ সক্ষম হোৱা চক্ৰটোৰ মাষ্টাৰমাইণ্ড জন হ’ল জনৈক সিং ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও তিনিচুকীয়া আৰক্ষীয়ে বহু তেলচোৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তেলচোৰৰ বিৰুদ্ধে অভিযান চলাই আহিছে ৷ কিন্তু অধিকাংশৰ ক্ষেত্ৰতে তেলচোৰ চক্ৰৰ পুঠি-খলিহনাক কৰায়ত্ব কৰাৰ পাছত প্ৰায়ে অভিযান সমাপ্ত কৰে আৰক্ষীয়ে ৷ কিন্তু মাষ্টাৰমাইণ্ড জনক আৰক্ষীয়ে গ্ৰেপ্তাৰে কৰিব নোৱাৰে ৷ বৰ্তমানেও পলাতক তেলচোৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড জনৈক সিং ৷ জনৈক সিঙক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব নে সেয়া লাখটকীয়া প্ৰশ্ন !

লগতে পঢ়ক Dhola robbery case: ঢলাৰ বৰমূৰা মিৰিপথাৰ গাঁৱত ডকাইতি কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.