ETV Bharat / state

Orchid conservation center: প্ৰায় ৭৫০ বিধ কপৌফুলেৰে জাতিষ্কাৰ হৈ পৰিছে দাৰিয়াভেটিৰ এখন অৰ্কিড সংৰক্ষণ কেন্দ্ৰ

author img

By

Published : Apr 4, 2023, 9:23 PM IST

আকৌ আহি পালে চেনেহৰ ব’হাগৰ বিহুটি (Rangali Bihu 2023) ৷ ৰাইজাই কৰিছে প্ৰতিগৰাকী অসমীয়াৰ মনপ্ৰাণ ৷ ব’হাগৰ প্ৰাকক্ষণত প্ৰায় ৭৫০ বিধ কপৌফুলেৰে জাতিষ্কাৰ হৈ পৰিছে ডুমডুমাৰ দাৰিয়াভেটিৰ এখন বিশেষ অৰ্কিড উদ্যান (Tinsukia orchid conservation center)৷ এই অৰ্কিড চাবলৈ অৰ্কিড সংৰক্ষণ কেন্দ্ৰটোলৈ এতিয়া সোঁত বৈছে বহুজনৰ ৷

Tinsukia orchid conservation center
কপৌফুলৰ অবিহনে নাচনী সৌন্দৰ্য যেন আধৰুৱা
প্ৰায় ৭৫০ বিধ কপৌফুলে জাতিষ্কাৰ হৈ পৰিছে দাৰিয়াভেটি

তিনিচুকীয়া, ৪ এপ্ৰিল : চেনেহৰ ব’হাগৰ বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী (Rangali Bihu 2023) ৷ এতিয়া প্ৰতিগৰাকী অসমীয়াৰ গা সাতখন-আঠখন ৷ চেনেহৰ ব’হাগক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমবাসী ৷ গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈকে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোল-পেঁপা-গগণাৰ মাত ৷ শুনিবলৈ পোৱা গৈছে কুলি, কেতেকীৰ বিননি ৷ গছে-বনেও সলাইছে পাত ৷ ব’হাগক আদৰিবলৈ সাজু হৈছে বিহুৱা-নাচনীও ৷

নাচনীৰ নেঘেৰী খোপা আৰু কলডিলিয়া খোপাত চেনায়ে কপৌফুল গুজি দিবলৈয়ে যেন ফুলি উঠিছে গছৰ ডালত কপৌফুল ৷ এই কপৌফুলৰ অবিহনে নাচনী সৌন্দৰ্য যেন আধৰুৱা ৷ এক কথাত ক’বলৈ গ’লে, ব’হাগৰ বিহুৰ সৈতে কপৌফুলৰ আছে ওতঃপ্ৰোতঃ সম্পৰ্ক ৷

কপৌফুল বুলি ক’লে আমি সাধাৰণতে পাতল বেঙুনীয়া ৰঙৰ কপৌফুল পাহৰ কথাহে মনলৈ আহে ৷ কিন্তু অসম তথা ভাৰতত উপলব্ধ বিভিন্ন প্ৰজাতিৰ কপৌফুল বৰ্তমান সংৰক্ষণ হৈ আছে তিনিচুকীয়া জিলাৰ ডুমডুমাত ৷ প্ৰায় ৭৫০ বিধ কপৌফুল জাতীয় অৰ্কিড সংৰক্ষণ কৰি এতিয়া জিলিকি উঠিছে ডুমডুমাৰ দাৰিয়াভেটি গাঁৱৰ ক্ষণজিৎ গগৈৰ (৪২) অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো (Tinsukia orchid conservation center) ৷

একক প্ৰচেষ্টাত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ৰ পৰাই অৰ্থাৎ ১৯৯৪ চনৰ পৰাই অৰ্কিডৰ প্ৰতি আকৰ্ষিত হৈ সংৰক্ষণ কৰিছিল ক্ষণজিৎ গগৈয়ে ৷ গগৈৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো অসমৰ প্ৰথমখন অৰ্কিড সংৰক্ষণ কেন্দ্ৰ (Assam first orchid conservation center) ৷ য’ত বিভিন্ন প্ৰজাতিৰ প্ৰায় ৭৫০ বিধ কপৌফুল সংৰক্ষণ কৰি ৰখা হৈছে (Tinsukia orchid conservation center) ৷

লগতে পঢ়ক : Rangali Bihu 2023 : ৰঙৰ উৎসৱ ৰঙালীক আদৰিবলৈ ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ

এতিয়া ব’হাগৰ আগমনৰ বতৰা পাই ডাল ভৰি ভৰি ফুলি উঠিছে বিভিন্ন প্ৰজাতিৰ কপৌফুলসমূহ ৷ ক্ষণজিৎ গগৈৰ এই অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো চাবলৈ বা অৰ্কিডৰ ওপৰত অধ্যয়ন কৰিবলৈ দেশ বিদেশৰ বহু লোকৰ আগমন ঘটা দেখা যায় ৷ ইয়াৰ সমান্তৰালভাৱে গৱেষণা কৰিবলৈও ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী আহিয়ে থাকে এই অৰ্কিড সংৰক্ষণ কেন্দ্ৰটোলৈ ৷ এক কথাত ক’বলৈ গ’লে ক্ষণজিৎ গগৈৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো এক অধ্যয়ন কেন্দ্ৰ তথা গৱেষণা কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ লগতে পৰ্যটকৰো যথেষ্ট আগমন ঘটে ৷

ক্ষণজিৎ গগৈ ৰূপাই হাইস্কুলৰ এগৰাকী প্ৰতিষ্ঠাপক শিক্ষক (টিউটৰ) ৷ শিক্ষকতাৰ সমান্তৰালভাৱে অৰ্কিড উদ্যানখনলৈ সময় উলিয়াই জীপাল কৰি ৰাখিছে কেন্দ্ৰটো ৷ ছাত্ৰ অৱস্থাৰ পৰাই এই অৰ্কিডৰ প্ৰতি আকৰ্ষিত আছিল গগৈ ৷ প্ৰথম পৰ্যায়ত থলুৱাভাৱে আৰম্ভ কৰিছিল কেন্দ্ৰটো ৷ এতিয়া কেন্দ্ৰটোত দুগৰাকী যুৱতীও নিয়োজিত হৈ আছে ৷ গগৈয়ে হাপজান ব্লকৰ পৰা এবাৰ ১০ লাখ টকাৰ সাহায্য লাভ কৰাৰ বিপৰীতে নাইপোৱা কোনো চৰকাৰী সহায়ৰ হাত ৷

ক্ষণজিৎ গগৈয়ে অসমত প্ৰথমখন অৰ্কিডৰ ওপৰত গ্ৰন্থ লিখি উলিওৱাৰ লগতে এই পৰ্যন্ত সাতখনকৈ গ্ৰন্থ অৰ্কিডৰ ওপৰত লিখি প্ৰকাশ কৰিছে ৷ গগৈয়ে জানিব দিয়া অনুসৰি, বিশ্বত কপৌ জাতীয় মুঠ ৩৫ হাজাৰ বিধ অৰ্কিড আছে ৷ তাৰে ভিতৰত ভাৰতবৰ্ষত ১,৪৩০ বিধ, উত্তৰ-পূৰ্বাঞ্চলত ৯০০ বিধ আৰু অসমত ৪১০ বিধ উপলব্ধ ৷

গতিকে আপুনিও যদি বিচাৰে ব’হাগৰ সময়তেই এই ৭৫০ বিধ কপৌফুল জাতীয় অৰ্কিড চাবলৈ অথবা সুগন্ধ ল’বলৈ তেন্তে আহিব পাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ দাৰিয়াভেটি গাঁৱৰ ক্ষণজিৎ গগৈৰ এই অৰ্কিড সংৰক্ষণ কেন্দ্ৰটোলৈ ৷

লগতে পঢ়ক : Rangali Bihu 2023 : ব’হাগৰ প্ৰাক ক্ষণত খোঙাৱৰ বতাহত বিয়পিছে কেতেকীৰ ৰেণু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.