তিনিচুকীয়া, ৮ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ লিডুত অবৈধ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ মাজতে পুনৰ তেনে এক ঘটনাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত । ঘটনা বিৱৰণী অনুসৰি, বিগত বছৰৰ ডিচেম্বৰ মাহত তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত শুকানি গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ ২৪ বছৰীয়া যুৱকজনে কৰ্মৰ সন্ধানত গৈছিল লিডুৰ কয়লাখনিলৈ(Labourers missing in Ledu coal mine) ৷ ইয়াৰ পাছত তেওঁ কমল চাহাব নামৰ ব্যক্তি এজনৰ অধীনত অবৈধভাৱে খননকাৰ্য(Illegal coal mine) চলাই থকা কয়লা খনিত শ্ৰমিক হিচাপে কৰ্মত নিয়োজিত হয় ।

প্ৰাঞ্জল মৰাণে কৰ্মস্থলীৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ ৰাখে যদিও চলিত বৰ্ষৰ ১২ জানুৱাৰীৰ পৰা তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হয় ৷ প্ৰাঞ্জলে ১২ জানুৱাৰীত পৰিয়ালৰ লগত ফোনত কথা পাতিছিল আৰু মাঘ বিহুত ঘৰলৈ আহি একেলগে বিহু খাব বুলি জনাইছিল ৷ কিন্তু বিহুত তেওঁ ঘৰলৈ নহাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ ৷ ইয়াৰ পাচত কয়লাখনিত(Ledu coal mine) যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰি ১ ফেব্ৰুৱাৰীত প্ৰাঞ্জলে কৰ্মৰত কয়লাখনিলৈ পৰিয়ালৰ লগতে কেইজনমান লোক গৈছিল যদিও তেওঁৰ কোনো সন্ধান লাভ কৰাত ব্যৰ্থ হয় ৷

২ ফেব্ৰুৱাৰীত পৰিয়ালক আন এজন যুৱকে লেখাপানীৰ এটা স্থানত প্ৰাঞ্জলৰ মৃতদেহ পৰি থকা বুলি জনোৱাত পৰিয়ালৰ লোকে বিচাৰি যায় যদিও তেওঁৰ কোনো সন্ধান লাভ কৰিবলৈ ব্যৰ্থ হয় ৷ প্ৰাঞ্জলে কৰ্মৰত খনিটোৰ মালিকপক্ষৰ ব্যক্তি কমল চাহাবৰ পৰা পৰিয়ালৰ লোকে প্ৰাঞ্জলে সেই খনিত শ্ৰমিক(Coal mine in Lidu) হিচাপে কৰ্মৰত হোৱাৰ কথা জানিব পৰাৰ লগতে অঘটন ঘটাতো নিশ্চিত কৰে যদিও অঘটনত নিহত লোকজন প্ৰাঞ্জল হয় নে নহয় নিশ্চিত কৰিব নোৱাৰিলে ৷ পৰৱৰ্তী সময়ত প্ৰাঞ্জল মৰাণৰ কোনোধৰণৰ সন্ধান লাভ নকৰাত পৰিয়ালৰ লোকে ৪ ফেব্ৰুৱাৰীত লিডু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।

উল্লেখযোগ্য যে, প্ৰাঞ্জলৰ সন্দৰ্ভত তেওঁৰ কৰ্মস্থলীৰ বন্ধুবৰ্গক পৰিয়ালৰ লোকে সোধপোছ কৰে যদিও কোনো ধৰণৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় ৷ ইয়াৰ উপৰিও অবৈধ কয়লা খননৰ মালিকপক্ষই গা এৰা মন্তব্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ লোকক ৫ লাখ টকা দিয়াৰ প্ৰলোভন দিয়ে । প্ৰাঞ্জল মৰাণ এতিয়া মৃত নে জীৱিত সেয়া এতিয়া সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত ৷ প্ৰাঞ্জলৰ সন্ধান লাভ কৰাত ব্যৰ্থ হৈ এতিয়া শোকত ভাঙি পৰিছে তেওঁৰ পত্নী, একমাত্ৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান আৰু পৰিয়ালবৰ্গ ৷ প্ৰঞ্জলৰ সন্দৰ্ভত সঠিক সন্ধান বিচাৰি আৰক্ষী, জিলা প্ৰশাসন, ৰাজ্য চৰকাৰলৈ সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ অনুৰোধ জনাইছে প্ৰাঞ্জলৰ পত্নীৰ লগতে পৰিয়ালৰ লোকে ।
লগতে পঢ়ক: Crackdown on Child Marriage: আশাকৰ্মীক প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ বিধায়ক অতুল বৰাৰ পত্ৰ