তিনিচুকীয়া, 10 আগষ্টঃ এটা ৰহস্যজনক হত্যা কাণ্ডৰ আঁত বিচাৰি ইটিভি ভাৰতৰ এই প্ৰতিবেদন ৷ ঘটনাৰ স্থান তিনিচুকীয়াৰ ন-পুখুৰী অঞ্চল ৷ 8 আগষ্টৰ পুৱা উদ্ধাৰ হৈছিল এজন সাংবাদিকৰ মৃতদেহ ৷ তিনিচুকীয়াৰ সাংবাদিকজনক নিজ কাৰ্যালয়তে হত্যা কৰি পেলাই থৈ গৈছিল মৃতদেহ ৷ তেজেৰে লুটুৰি পুটুৰি অৱস্থাত উদ্ধাৰ হৈছিল তিনিচুকীয়াৰ দিন প্ৰতিদিন নামৰ এটা ব্যক্তিগত নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী তথা সাংবাদিক বিজন দ্বীপ তাঁতিৰ মৃতদেহ ৷
কি হৈছিল 8 আগষ্টৰ পুৱা ?
ঘটনা সম্পৰ্কত ঘৰৰ মালিক কুকিল কোঁৱৰে প্ৰথমে ফোন কৰি জনাইছিল ফিল'বাৰী আৰক্ষীক ৷ তাৰ পিচতে আৰক্ষী গৈ উপস্থিত হৈছিল কুকিল কোঁৱৰে বিজন দ্বীপ তাঁতিক ভাৰালৈ দিয়া দ্বিতীয় মহলাত ৷ ভাৰাঘৰৰ দ্বিতীয় মহলাৰ দৰ্জা খুলি তাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সাংবাদিক জনৰ ক্ষত-বিক্ষত মৃতদেহ ৷আৰক্ষীৰ তাৎক্ষণিক অনুসন্ধানত পোহৰলৈ আহে হত্যাকাণ্ডৰে জড়িত অভিযুক্তৰ তথ্য ৷ 7 আগষ্টৰ পুৱা সাংবাদিক বিজন দ্বীপ তাঁতিৰ কাৰ্যালয়ৰ পৰা উলাই গৈছিল এগৰাকী যুৱতী ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াৰ অন্তত তিনিচুকীয়াৰ ফিল’বাৰীৰৰ পৰা আটক কৰে হত্যাকাৰী আছলতি বাগ নামৰ যুৱতীগৰাকীক ৷
![TINSUKIA JOURNALIST MURDER CASE LATEST UPDATE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8363138_dafvae4r.jpg)
ঘটনাৰ আঁৰত এগৰাকী যুৱতী
আৰক্ষীয়ে আটক কৰা যুৱতীগৰাকীৰ নাম আছলতী বাগ আৰু আছলতী বাগৰ সৈতে ফিল'বাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে ভগ্নী নিতু বাগক কিন্তু পৰৱৰ্তী সময়ত ভগ্নী নিতু বাগক যাবলৈ দিয়ে আৰক্ষীয়ে ৷ ইয়াৰ পিচতে জেৰাৰ অন্তত পোহৰলৈ আহে হত্যা কাণ্ডৰ সমগ্ৰ তথ্য ৷ তদন্তত আৰক্ষীৰ জেৰাত আছলতি বাগে স্বীকাৰ কৰে যে,
- ৬ আগষ্টৰ নিশা এডাল কেবলেৰে ডিঙিত মেৰিয়াই হত্যা কৰা হৈছিল বিজন দ্বীপ তাঁতিক
- হত্যাকাণ্ডৰ নিশা মৃতদেহৰ লগতে আছিল আছলতি বাগ
- কাহিলী পুৱাতে কাৰ্যালয়ৰ পৰা উলাই গৈছিল আছলতি বাগসাংবাদিক বিজন দ্বীপ তাঁতি
কিন্তু কি কাৰণ সংবাদিকজনক হত্যা কৰিলে তদন্তৰ খাতিৰত সেয়া এতিয়াও প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷ ইতিমধ্যে জেৰাৰ অন্তত আছলতী বাগক পাঁচ দিনৰ বাবে আৰক্ষীয়ে ন্যায়িক জিন্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷ তদন্তৰ পিচতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ কাৰণ ৷ তাৰ বাবে কৰিব লাগিব কিছু অপেক্ষা ৷
লগতে চাওকঃ যোৰহাট অগ্নিকাণ্ডৰ বুজ ল'লে হিতেন্দ্ৰ নাথ গোস্বামীয়ে