ETV Bharat / state

তিনিচুকীয়াত বানৰ সংহাৰী ৰূপঃ উটোৱাই নিলে পকী দলং - লোহিত নদী,ডিব্ৰু নৈ,ন-দিহিং আৰু বুঢ়ীদিহিং নদী

বাঢ়নী পানীয়ে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ বাট-পথ বুৰাই পেলোৱাৰ লগতে দলং উটোৱাই নিয়াৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷ বাঘজানৰ সৈতে ব্যাহত হৈ পৰিছে যোগাযোগ ৷

Tinsukia Flood Situation
তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ ধাৰণ
author img

By

Published : Jun 24, 2020, 10:42 PM IST

তিনিচুকীয়া,24 জুনঃ মঙলবাৰে নিশাৰ পৰা হৈ থকা মূষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাত বানে লৈছে সংহাৰী ৰূপ । তিনিচুকীয়া জিলাৰ লোহিত নদী, ডিব্ৰু নৈ, ন-দিহিং আৰু বুঢ়ীদিহিং নদীৰ পানীয়ে এতিয়া বিপদ সীমা অতিক্ৰম কৰি বৈ অহাৰ ফলত নদীকেইখনৰ বাঢ়নী পানীয়ে বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ ফলত শংকিত হৈ পৰিছে নৈ পৰীয়া লোকসকল ।

Tinsukia Flood Situation
তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ ধাৰণ

বাঢ়নী পানীয়ে তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ বাট-পথ বুৰাই পেলোৱাৰ লগতে দলং উটোৱাই নিয়াৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷ সমান্তৰাল কৈ বানৰ কৱলত পৰি বহু গাঁও জলমগ্ন হৈ পৰিছে ৷ বাঢ়নী পানীয়ে ডুমডুমা-বাঘজান সংযোগী পথৰ ৰূপাই চাহ বাগিচাৰ সমীপৰ দলংখন খহাই পেলোৱাৰ ফলত কথমপিহে প্ৰাণ ৰক্ষা পৰিল তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ ।

তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ ধাৰণ

দলংখন উটোৱাই নিয়াৰ ফলত বৰ্তমান বাঘজানৰ সৈতে ব্যাহত হৈ পৰিছে যোগাযোগ ৷ উল্লেখযোগ্য যে, এই দলংখনৰ ওপৰেদি বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা তৈলখাদলৈ বিভিন্ন সামগ্ৰী কঢ়িওৱা বাহনে যাতায়ত কৰিছিল ৷ ফলত বাঘজানলৈ বিভিন্ন সামগ্ৰী কঢ়িওৱা বাহন আৱদ্ধ হৈ পৰিছে আৰু বাঘজান তৈলখাদৰ জুই নিৰ্বাপনৰ কাম ব্যাহত হৈ পৰাৰ শংকা ঘনীভূত হৈ পৰিছে । ইপিনে পেঙেৰী দুৱাৰমৰা সংযোগী পথো বাঢ়নি পানীৰে উটোৱাই নিয়াত অঞ্চলটোত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

লগতে পঢ়কঃ লক ডাউনে জীৱিকা সলনি কৰিলে পাণ্ডুৰ তপনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.