তিনিচুকীয়া,১৬ ছেপ্টেম্বৰ : বিভিন্ন ধৰণৰ সমস্যাৰে ভাৰাক্ৰান্ত তিনিচুকীয়া জিলা । কৃত্ৰিম বানৰ সমস্যা,যান-জঁটৰ সমস্যা, বাট-পথৰ সমস্যাকে ধৰি সৰ্বসাধাৰণ ৰাইজ বহু সমস্যাৰে ভাৰাক্ৰান্ত । যাৰ বাবে বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (AASU) ।
তিনিচুকীয়া জিলা আঞ্চলিক ছাত্ৰ সন্থাই নিজ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । আছুৰ অভিযোগ বাকী জিলাসমূহৰ তুলনাত তিনিচুকীয়াত সেই ধৰণৰ উন্নয়ন হোৱা নাই । তিনিচুকীয়াৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে আছুৱে ।
তিনিচুকীয়াৰ বহু গুৰুত্বপূৰ্ণ পথৰ আজি জৰাজীৰ্ণ অৱস্থাত হৈছে । আনহাতে জিলাখনত বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ চলি আছে । সেয়ে বাট-পথ নিৰ্মাণ, অবৈধ কাম-কাজসমূহ বন্ধ কৰা ,নলা -নৰ্দমা নিৰ্মাণ কৰা আদি ১৪ দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে আছুৱে ।
প্ৰতিবাৰ নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে তিনিচুকীয়া অঞ্চলৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈ কোনো এগৰাকী নেতাই অঞ্চলটোৰ উন্নয়নৰ কথা চিন্তা কৰা নাই বুলি অভিযোগ কৰিছে আছুৱে । অনাগত দিনত অঞ্চলটোৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে আছুৰ নেতা-কৰ্মীসকলে । প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱা , সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সত্যজিৎ বৰগোহাঁইকে ধৰি বহু আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :মহানগৰীত ১৪ বছৰীয়া কিশোৰক কিন্নৰে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ