তিনিচুকীয়া, 18 জুলাইঃ তিনিচুকীয়াত কৰ’ণা সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ কৰ‘ণাত আক্ৰান্ত হৈছে জিলাখনৰ স্বয়ং উপায়ুক্ত গৰাকীয়ো ৷ উপায়ুক্ত ভাস্কৰ পেগুৰ দেহত শনিবাৰে ধৰা পৰে এই ৰোগ ৷
উল্লেখ্য যে, দিনৰ ভাগতো কৰ্তব্য সম্পন্ন কৰি আছিল উপায়ুক্ত গৰাকীয়ে ৷ তাৎপৰ্য্যপূৰ্ণভাৱে উপায়ুক্ত গৰাকীয়ৰ লগত দিনৰ ভাগত উপস্থিত আছিল ৰাজ্যিক মন্ত্ৰী সঞ্জয় কৃষাণ ৷ বাঘজান অগ্নিকাণ্ডৰ ক্ষতিগ্ৰস্থ লোকৰ মাজত চেক বিতৰণ কাৰ্যসূচীত সঞ্জয় কৃষাণ, আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আৰু আইলৰ কেইবাগৰাকীও বিষয়াৰ সৈতে উপায়ুক্ত গৰাকীও উপস্থিত আছিল ৷ এই অনুষ্ঠানত উপস্থিত আছিল কেবাগৰাকীও সাংবাদিক ৷
ইপিনে উপায়ুক্ত গৰাকীৰ কৰণা পজিটিভ ধৰা পৰাৰ পাচত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত ৷
লগতে পঢ়কঃ বিহাৰত ভয়ংকৰ ৰূপ ধাৰণ বানপানীৰ, 30টা খণ্ড প্ৰভাৱিত