ETV Bharat / state

তৈল খাদৰ জুই বিয়পিব পাৰে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ

author img

By

Published : Jun 9, 2020, 11:04 PM IST

ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,মাগুৰি মতাপুং বিললৈ সংকট নামি আহিছে, যিকোনো সময়তে সংঘটিত হ'ব পাৰে অঘটন ৷ তৈলখাদৰ জুই ক্ৰমান্বয়ে সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ এই পৰ্যন্ত তৈল খাদৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই,বৰঞ্চ জুইৰ প্ৰকোপ বৃদ্ধিহে পাইছে ৷ অইলৰ গাফিলতিৰ বাবে ২৭ মে’ত পাঁচ নং তৈল খাদত পাইপলাইন বিস্ফোৰণ ঘটি নিৰ্গত হোৱা গেছে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰিছিল ৷

তৈল খাদৰ জুইয়ে বিয়পিব পাৰে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ

তিনিচুকীয়া, 9 জুনঃ মূহুৰ্ততে জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে তিনিচুকীয়াৰ বাঘজান অঞ্চলক ৷ ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বিগত 14 দিন ধৰি গেছ নিৰ্গত হৈ থকা তৈল খাদৰ জুই ৷ মঙলবাৰে পুৱাৰ ভাগতে ঘটনাস্থলীত গেছ নিৰ্গত হোৱা ঘটনা ৰোধ কৰাৰ বাবে উপস্থিত হৈছিল ছিংগাপুৰৰ পৰা অহা তিনিজনীয়া বিশেষজ্ঞ দলৰ লগতে অইলৰ কৰ্মচাৰী আৰু ONGC কেবাগৰাকী লোক ৷ তেওঁলোকে বিশেষজ্ঞ দলৰ সৈতে গেছ নিগৰ্মণৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাই থকা অৱস্থাত ভয়ংকৰ শব্দৰে বিস্ফোৰণ ঘটে তৈল খাদটো ৷ লগে লগে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমস্ত অঞ্চলটো ৷

TINSUKIA BAGHJAN OIL RIG MASSIVE FIRE UNCONTROLLED SITUATION
কৰ্মস্থলীতে ONGCৰ দুগৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়

পৰিস্থিতি ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে ৷ ইতিমধ্যে তৈল খাদত সংঘটিত হোৱা জুই লাহে লাহে বাঘজান গাঁৱলৈ সম্প্ৰাসাৰিত হৈছে ৷ জুইত জাহ গৈছে গছ গছনি ঘৰ দুৱাৰকে ধৰি তৈল খাদৰ সমীপৰ এটা চু়বুৰী ৷ এই জুইৰ পিচতে একাংশ লোক ক্ষুব্ধ হৈ অইলৰ যান বাহনত ক্ষতিসাধন কৰে ৷ সমান্তৰালভাৱে ৰাইজৰ ক্ষোভ ক্ৰমাৎ বৃদ্ধি পোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাঘজান গাঁৱত অতিৰিক্ত ভাৱে সেনাবাহিনী মোতায়েন কৰা হৈছে ৷

তৈল খাদৰ জুইয় বিয়পিব পাৰে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ

এই পৰ্যন্ত তৈল খাদৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই,বৰঞ্চ জুইৰ প্ৰকোপ বৃদ্ধিহে পাইছে ৷ অইলৰ গাফিলতিৰ বাবে ২৭ মে’ত পাঁচ নং তৈল খাদত পাইপলাইন বিস্ফোৰণ ঘটি নিৰ্গত হোৱা গেছে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰিছিল ৷ বিষাক্ত গেছ নিৰ্গমণৰ ফলত মৃত্যমুখত পৰিছিল মাগুৰী মতাপুং বিলৰ জলজ প্ৰাণীৰ লগতে জীৱজন্তু ৷ কিন্তু মঙলবাৰে হোৱা অগ্নিকাণ্ডৰ ফলত সৰ্বানাশ ঘটিব পাৰে ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,মাগুৰি মতাপুং বিলৰ জলজ প্ৰাণীৰ লগতে পৰিৱেশৰ বাবে ৷ কিয়নো ইতিমধ্যেই জুইৰ তীব্ৰতা বৃদ্ধি পাইছে ৷

ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ বিপদ

আনহাতে মঙলবাৰে পুৱা তৈলখাদৰ গেছ নিৰ্গমণ নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰি থকা অৱস্থাত বিস্ফোৰণ ঘটাত কৰ্মস্থলীতে ONGCৰ দুগৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয় ৷ আহত দুয়োকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে প্ৰশাসনে ৷

ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,মাগুৰি মতাপুং বিললৈ সংকট

অন্যহাতে অগ্নিকাণ্ডৰ জুই দ্ৰুতগতিত বৃদ্ধি হৈ অহাত আশ্ৰয় শিবিৰত থকা গাঁওবাসীৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অগ্নি নিৰ্বাপণৰ বাবে বায়ুসেনাই ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে তিনিখন অত্যাধুনিক অগ্নিনিৰ্বাপক বাহন ৷ যদিও এই পৰ্যন্ত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা ৷

লগতে চাওকঃ বাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.