তিনিচুকীয়া, 19 ডিচেম্বৰ: শুকুৰবাৰে তিনিচুকীয়াত কাপোৰৰ দোকানত কাম কৰা এগৰাকী মহিলাক ডেগাৰেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱা যুৱক গৰাকীক শনিবাৰে তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ ডিব্ৰুগড় বৰবৰুৱাৰ পৰা যুৱক গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে বিয়লি তিনিচুকীয়াৰ চাৰিআলি স্থিত 'শুভকামনা' নামৰ কাপোৰৰ দোকানত কৰ্মৰত এগৰাকী যুৱতীক এজন অচিনাক্ত যুৱক আহি হঠাৎ ডেগাৰৰে আক্ৰমণ কৰে । যাৰ ফলত যুৱতী গৰাকী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ।
চিচিটিভিত বন্দী হোৱা ফুটেজৰ ভিত্তিত অৱশেষত শনিবাৰে তিনিচুকীয়া আৰক্ষীয়ে ডিব্ৰুগড় বৰবৰুৱাৰ পৰা যুৱকজনক আটক কৰিবলৈ সক্ষম হয় আৰু যুৱকজনক তিনিচুকীয়া সদৰ থানালৈ লৈ যায় ৷