শদিয়া,27 ফেব্ৰুৱাৰী: তিনিচুকীয়াৰ কাকপথাৰ মাইঠঙৰ অন্বেষণ ফাউণ্ডেছনৰ প্ৰাংগণত অনুষ্ঠিত হয় বিশেষভাৱে সক্ষম লোকৰ এখন সভা ৷ বাঁহ, বেতৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি অন্বেষণ ফাউণ্ডেছনে ইতিমধ্যে বহু যুৱক-যুৱতীক স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন কৰিছে ৷
সততে এইসকল লোকক প্ৰায় সময়তেই কৰ্মসংস্থাপনৰ পৰা আঁতৰি থকা বা আঁতৰাই ৰখা হয় ৷ পূবালী প্ৰতিবন্ধী সংস্থা নামৰ সংগঠনটোৰ বিষয়ববীয়া উপস্থিত থকাৰ সভাখনৰ যোগেদি অন্বেষণ ফাউণ্ডেশ্যনৰ অধ্যক্ষ দিগন্ত দহোটীয়াই উল্লেখ কৰে যে, বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী প্ৰস্তুতেৰে ১৫০-২০০ ব্যক্তিৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে লোক সকলক সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে ৷ এইক্ষেত্ৰত চৰকাৰৰ পৰাও সাহায্য বিচাৰে অধ্যক্ষ দিগন্ত দহোটীয়াই ৷
লগতে পঢ়ক-বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ