ETV Bharat / state

টিংখাঙৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ পৱন সিং ঘটোৱাৰৰ - জংগী আন্দোলন

টিংখাঙৰ জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰীৰ সন্ধান লাভ কৰা নাই টিংখা আৰক্ষীয়ে । অনাগত ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আন্দোলনৰ হুংকাৰ পৱন সিং ঘাটোৱাৰৰ ৷

টিংখাঙৰ জঘন্য ধৰ্ষণ আৰু হত্যা কাণ্ডৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ পৱন সিং ঘটোৱাৰৰ

author img

By

Published : Jan 16, 2021, 1:32 PM IST

টিংখাং,16 জানুৱাৰীঃ ভোগালী বিহুৰ উৰুকা দিনাই টিংখাঙত সংঘটিত হোৱা জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ তিনিটা দিন উকলি যোৱাৰ পিছতো হত্যাকাৰীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই টিংখাং আৰক্ষী ।

টিংখাঙৰ জঘন্য ধৰ্ষণ আৰু হত্যা কাণ্ডৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া প্ৰকাশ পৱন সিং ঘটোৱাৰৰ

উল্লেখযোগ্য যে, উৰুকাৰ আগ নিশা টিংখাং সমষ্টিৰ পিঠাগুটি পঞ্চায়তৰ অন্তৰ্গত ১নং নগাবাট গাঁও নিবাসী বিৰাজো উৰাঙক ঘৰৰ ভিতৰতে শুই থকা অৱস্থাত কুঠাৰ মাৰি নৃশংস ভাৱে হত্যা কৰি আৰু তেওঁৰ ভতিজী তথা ৰমেশ উৰাঙৰ ১৮ বছৰীয়া কন্যাক পথাৰৰ মাজলৈ নি ধৰ্ষণ কৰি বৰ্বৰ ভাৱে হত্যা কৰি পেলাই থৈ যায় । উৰুকা দিনাই এই ঘটনা পোহৰলৈ অহাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

ইপিনে ঘটনা সংঘটিত হোৱা দিনাই ঘটনাস্থলীত উচ্চ পদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে যদিও আজি পৰ্যন্ত হত্যাকাৰীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসনে । সম্প্ৰতি সমগ্ৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছ নেতা পৱন সি ঘাটোৱাৰে । অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে পৱন সিং ঘাটোৱাৰে অন্যথা জংগী আন্দোলনৰ হুংকাৰ গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.