মাৰ্ঘেৰিটা,11 ফেব্ৰুৱাৰীঃ বুধবাৰে তিনিচুকীয়া জিলাৰ লিডুত এএছ 23 এচি 6937 নম্বৰৰ এখন প্ৰায় ২৩ লাখ টকাৰ ইলাচী ভৰ্তি ট্ৰাক কেইবাটাও সংগঠনৰ সদস্যই জব্দ কৰি আৰক্ষীক গতাই দিয়ে । গাড়ীখন অৰুণাচল প্ৰদেশৰ মেওৰ পৰা তিনিচুকীয়ালৈ লৈ আহি আছিল বুলি সংগঠনৰ সদস্যসকলে উল্লেখ কৰে ।
ইপিনে ট্ৰাকৰ ড্ৰাইভাৰজনে সংগঠনটোৰ সদস্যৰ বিৰুদ্ধে দাবী ধন আদায় নিদিয়া বাবেই নিশা ৯ বজাতে ধৰাৰ পাছতো 3 ঘণ্টাৰ পাছত আৰক্ষীক চমজাই দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তাৰ সমান্তৰালভাৱে ড্ৰাইভাৰজনে ইলাচীখিনিৰ সম্পূৰ্ণ নথি-পত্ৰ থকা বুলি দাবী কৰিছে ৷ তাৰ বিপৰীতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে ইলাচীৰ নথি-পত্ৰত বিসংগতি থকা বুলি দাবী কৰিছে । ইপিনে আৰক্ষীয়ে তদন্তৰ পাছতহে প্ৰকৃত তথ্য জানিব পৰা হ'ব বুলি উল্লেখ কৰিছে ।
লগতে পঢ়কঃ কাৰাগাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অখিল গগৈৰ সিদ্ধান্থই আঞ্চলিকতাবাদক শক্তি দিছে