ETV Bharat / state

তিনিচুকীয়াত আলফাৰ লিংকমেনৰ সন্দেহত ৪ জনক আটক - Police firing in Tinsukia

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কটকটীয়া নিৰাপত্তা বেষ্টনী তিনিচুকীয়া জিলাত । তালাচী অভিযানৰ মাজত আৰক্ষীয়ে আটক কৰে ৪ সন্দেহজনক আলফা(স্বা)ৰ লিংকমেন (Suspected ULFA linkman detained in Tinsukia)। তিনিচুকীয়া সদৰ থানাত আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ULFA
তিনিচুকীয়াত আলফাৰ লিংকমেনৰ সন্দেহত ৪ জনক আটক
author img

By

Published : Aug 14, 2022, 11:19 AM IST

তিনিচুকীয়া,১৪ আগষ্ট : স্বাধীনতা দিৱসক লৈ চাৰিওফালে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে (Independence day preparation in Assam)। ইয়াৰ মাজতে আকৌ ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনীও গঢ়ি তোলা হৈছে । কোনো বিদ্ৰোহী সংগঠনৰ দ্বাৰা কূটাঘাতৰ আশংকা কৰি ঠায়ে ঠায়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ লগতে তালাচী চকী স্থাপন কৰা হৈছে । বিশেষকৈ উজনি অসম আৰু তিনিচুকীয়া জিলাক অতি স্পৰ্শকাতৰ হিচাপে আৰক্ষীয়ে বিবেচনা কৰি আহিছে ।

যাৰ বাবে এইবাৰো আৰক্ষীয়ে জিলাখনত তীক্ষ্ণ নজৰ ৰাখিছে । ইয়াৰ মাজতে তিনিচুকীয়াত আলফা(স্বা)ৰ লিংকমেনৰ সন্দেহত চাৰি যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে (Suspected ULFA linkman detained in Tinsukia)। আৰক্ষীৰ তালাচী অভিযানৰ মাজতে আটক কৰা হৈছে যুৱক-যুৱতীকেইগৰাকী । তেওঁলোকৰ ভিতৰত দুজন যুৱক আৰু দুগৰাকী যুৱতী ।

অমৰজ্যোতি বৰুৱা আৰু সৌৰভ চেতিয়া নামৰ যুৱক দুজনক তিনিচুকীয়াৰ পানীতোলাৰ পৰা আটক কৰে আৰক্ষীয়ে । আনহাতে মৃণালী গগৈ আৰু গীতাশ্ৰী বৰুৱা নামৰ দুই যুৱতী আটক হৈছে । তেওঁলোকক আটক কৰি লগে লগে প্ৰেৰণ কৰা হৈছে তিনিচুকীয়া সদৰ থানালৈ । জানিব পৰা মতে আলফা (স্বা)ত যোগদান কৰিবলৈ চেষ্টা চলাই আছিল আটকাধীন যুৱক-যুৱতী কেইগৰাকীয়ে । অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

ইফালে পুৱতি নিশাই আৰক্ষীয়ে তালাচী চলাই থকাৰ মাজতে এখন XUV বাহনক লক্ষ্য কৰি গুলীচালনা কৰে (Police firing in Tinsukia)। বাহনখন ৰখাবলৈ দিয়াৰ পাছতো তীব্ৰ গতিৰে পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে বাহনখনক লক্ষ্য কৰি গুলীচালনা কৰে । বাহনখন গুইজানৰ ফালে ৰাওনা হয় বুলি জানিব পৰা হৈছে ।

আনহাতে, আলফাৰ লিংকমেনৰ সন্দেহত শিৱসাগৰৰ ডিমৌত এজনক আটক কৰিছে আৰক্ষীয়ে (Suspected ULFA I linkman detained at Dimow) ৷ মাজনিশা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে অভিযান চলাই আটক কৰে মহেন্দ্ৰ বৰুৱা নামৰ লোকজনক । বৰ্তমান ডিমৌ আৰক্ষী থানাত ৰখা হৈছে আটকাধীন লোকজন ।

উল্লেখ্য যে, এইবাৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে চৰকাৰে ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে আলফা(স্বা)য়ে এই দিৱস বৰ্জনৰ বাবে আহ্বান জনাইছে (ULFA I banned Independence Day Celebration) ৷ পিছে আৰক্ষীয়ে ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

লগতে পঢ়ক :আলফা স্বাধীনৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত ডিমৌত এজনক আটক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.