তিনিচুকীয়া, 4 অক্টোবৰ: দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতেই অসম-অৰুণাচল সীমান্তৰ অৰুণাচল চিটপানীত সংঘটিত হ’ল নৃশংস হত্যাকাণ্ড (Student murder at Chitpani)। ৰক্তিম নিমলীয়া নামৰ এগৰাকী কলেজীয়া ছাত্ৰক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ।
উল্লেখযোগ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী কৈলাসপুৰৰ দীঘলী পথাৰ গাঁৱৰ ৰক্তিম নিমলীয়াসহ কেইবাজনো যুৱক অষ্টমীৰ নিশা পূজা চাবলৈ অৰুণাচলৰ মহাদেৱপুৰলৈ গৈছিল । দুৰ্গা পূজা চাই ঘৰলৈ উভতাৰ পথত ৰত্নপুৰ নামৰ ঠাইত দুৰ্বৃত্তৰ এটা দলে ছাত্ৰকেইজনক আগভেটি চিগাৰেট বিচাৰে ।
চিগাৰেট নিদিয়াৰ বাবেই দুৰ্বৃত্তৰ দলটোৱে ৰক্তিম নিমলীয়া (১৭)ক ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা বুলি মৃত ছাত্ৰজনৰ সতীৰ্থসকলে জানিবলৈ দিছে (Student killed for a Cigarette)।
মৃত ছাত্ৰগৰাকী তিনিচুকীয়াৰ ফিল'বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ(Phillobari Senior Secondary School) উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল । মৃত ছাত্ৰগৰাকীৰ ঘৰ বৰডুমচা আৰক্ষী থানাৰ(Bordumsa Police Station) অন্তৰ্গত কৈলাসপুৰ দীঘলী পথাৰত ৷
লগতে পঢ়ক: মহাষ্টমীৰ দিনাই জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত আঠগৰাকী লোক