ETV Bharat / state

ৰাইজৰ দলৰ সভাপতি পদত অখিল গগৈ - vission document

ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিকতাবাদ গঢ়ি তোলাৰ উদ্দেশ্যে জন্ম লাভ কৰিছিল ৰাইজৰ দলে ৷ দলটোৰ প্ৰথমখন ৰাজ্যিক অভিৱর্তন 7 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৷

State Convention of raijor dal tinsukia assam etv bharat news
অখিল গগৈ
author img

By

Published : Jan 9, 2021, 10:56 AM IST

তিনিচুকীয়া,9 জানুৱাৰী: ন উদ্যমেৰে ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটা ৰাজনৈতিক দলৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ শনিবাৰে তৃতীয়টো দিন ৷ শুকুৰবাৰে অভিৱৰ্তনত অনুষ্ঠিত দ্বিতীয় দিনৰ প্ৰতিনিধি সভাত উপস্থিত থাকে দলটোৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী ৷ উক্ত প্ৰতিনিধি সভাৰ সিদ্ধান্তমৰ্মে দলটোৰ নতুন কমিটি গঠন কৰা হয় ৷ সেই অনুসৰি দলটোৰ মুখ্য উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডঃ হীৰেণ গোঁহাইক ৷ সভাপতিৰ পদত ন্যস্ত কৰা হৈছে অখিল গগৈক ৷

কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ প্ৰথম প্ৰতিক্ৰিয়া

উল্লেখ্য যে, ঐক্যবদ্ধ, আপোচবিহীন, প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিকতাবাদ গঢ়ি তোলাৰ উদ্দেশ্যে জন্ম লাভ কৰিছিল ৰাইজৰ দলে ৷ দলটোৰ প্ৰথমখন ৰাজ্যিক অভিৱর্তন 7 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৷ ডিব্ৰুগড়ৰ মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই অভিৱৰ্তনত কৃষি কৰ্মক অধিক গুৰুত্ব প্ৰদানেৰে কৃষক-শ্ৰমিকসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা কাম কৰি যাবলৈ ভিছন ডকুমেণ্ট পাঠ কৰা হয় ৷

লগতে চাওকঃ বাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা কৰ্ণাটকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.