ETV Bharat / state

Speed change project at Sadia: লোহিত দিবাঙৰ সংযোগস্থলী পৰিদৰ্শন পীযুষ হাজৰীকাৰ

author img

By

Published : Mar 27, 2023, 9:45 PM IST

শদিয়াৰ লোহিত দিবাঙৰ সংযোগস্থলীত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ । তেওঁ নাৱেৰে দিবাং নদীৰ গতিপৰিৱৰ্তন প্ৰকল্প পৰিদৰ্শন কৰে (Dibang River) ৷

Minister Piyush Hazarika in Sadia
দিবাং নদীৰ গতি পৰিৱৰ্তন প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

তিনিচুকীয়া, ২৭ মাৰ্চ: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ হাতীঘূলিৰ পৰা লোহিত নদীৰে দিবাং নদীৰ সংযোগস্থলৰ অমৰপুৰ পৰিদৰ্শন কৰে (Minister Piyush Hazarika in Sadia)। তেওঁ জলসম্পদ বিভাগৰ অধীনত ১৩.৫ কোটি টকা ব্য়য় সাপেক্ষে ৰূপায়ণ হৈ থকা দিবাং নদীৰ গতি পৰিৱৰ্তন প্ৰকল্প পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় । উল্লেখযোগ্য যে, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী এই প্ৰকল্পৰে দিবাং নদীখনক পুনৰ পুৰণি সুঁতিৰে বৈ নিয়াবলৈ প্ৰয়াস কৰা হৈছে (Dibru Saikhowa National Park)।

উল্লেখ্য যে, দিবাং নদীখনে বিগত সময়ত লোহিত নদীৰে বেচিকৈ ধাৱমান হোৱাৰ ফলত ইয়াৰ নামনিৰ ডিব্ৰুগড় পৰ্যন্ত বৃহৎ অঞ্চলত খহনীয়াৰ সৃষ্টি কৰি আহিছে । এই প্ৰকল্প সম্পূৰ্ণ হ'লে নামনিৰ অঞ্চলসমূহত খহনীয়াৰ প্ৰকোপ হ্ৰাস পাব বুলি আশা কৰা হৈছে । আজিৰ পৰিদৰ্শনকালত জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই এই কাম খৰতকীয়া আৰু গুণগত মান ৰাখি ভালদৰে কৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে ।

আনহাতে,অসম অৰুণাচলৰ সীমান্তৱৰ্তী অমৰপুৰ অঞ্চলত এই প্ৰকল্পৰ পৰা যাতে কোনো সমস্যা নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়া অভিযন্তাক নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে,অমৰপুৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগে ইতিমধ্যে ২.৫ কোটি টকাৰ আঁচনি গ্ৰহণ কৰিছে । এই সন্দৰ্ভত মন্ত্ৰী হাজৰীকাই পুনৰ কয় যে বিগত সময়চোৱাত দিবাং নদী খন লোহিত নদীৰ দিশে বেছিকৈ ধাৱমান হৈ যোৱাৰ ফলত লোহিত নদীৰ নামনিৰ বিস্তীৰ্ণ অঞ্চলত খহনীয়াৰ সৃষ্টি কৰি আহিছিল ।

দিবাং নদীক পুনৰ মূল সুঁতিৰে সংযুক্ত কৰাৰ হেতু ১৩.৫ কোটি টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে "গতি-পৰিৱৰ্তন প্ৰকল্প" গ্ৰহণ কৰিছে (Speed change project Inspection of Piyush Hazarika)। এই পৰিদৰ্শন কালত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, শদিয়াৰ বলিন চেতিয়া, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি, মুখ্য অভিযন্তা (মান নিয়ন্ত্ৰন)পলাশজ্যোতি গোস্বামী সহিতে বিভাগীয় বিষয়াবৰ্গ উপস্থিত থাকে ।

লগতে পঢ়ক:Arunachal Khonsa jailbreak: নিৰাপত্তাৰক্ষীক হত্যা কৰি অৰুণাচল প্ৰদেশৰ কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.