ETV Bharat / state

Mission Thoughtful Tinsukia: তিনিচুকীয়াত দিব্যাংগসকলৰ বাবে প্ৰশাসনৰ বিশেষ কাৰ্যসূচী - তিনিচুকীয়া অসামৰিক চিকিৎসালয়

তিনিচুকীয়া জিলাৰ দিব্যাংগ তথা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে "Mission Thoughtful Tinsukia" শীৰ্ষক এক বিশেষ কাৰ্য্যসূচী ৷

special programme for divyangs in tinsukia
তিনিচুকীয়া জিলাত দিব্যাংগক সহায়ৰ পদক্ষেপ
author img

By

Published : Aug 14, 2023, 6:00 PM IST

তিনিচুকীয়া জিলাত দিব্যাংগক সহায়ৰ পদক্ষেপ

তিনিচুকীয়া, ১৪ আগষ্ট: তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ প্ৰচেষ্টাত জিলাখনৰ দিব্যাংগ তথা বিশেষভাৱে সক্ষম লোকসকলৰ সকলৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । দিব্যাংগ তথা বিশেষভাৱে সক্ষম লোকসকলৰ সকলৰ সুবিধা হোৱাকৈ আৰম্ভ কৰা হৈছে "Mission Thoughtful Tinsukia" শীৰ্ষক এক বিশেষ কাৰ্যসূচী ।

লগতে পঢ়ক:Partition Horrors Remembrance Day : ধেমাজিত বিভাজন বিভীষিকা স্মৃতি দিৱসত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

সোমবাৰে পুৱা ১০ বজাত জিলাখনৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সমীপৰ আশা গৃহত (IGNOU শিক্ষা কেন্দ্ৰত) এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই বিশেষ অনুষ্ঠানটোত তিনিচুকীয়া ৰটাৰী ক্লাৱ, লায়ঞ্চ ক্লাৱ তিনিচুকীয়া আৰু মাৰোৱাৰী যুৱ মঞ্চ তিনিচুকীয়াই সহযোগিতা আগবঢ়াইছে ৷ উক্ত অনুষ্ঠানত তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে বিশেষ অতিথি হিচাপে উপস্থিত থাকে । তদুপৰি এই অনুষ্ঠানটোত জিলা আয়ুক্ত স্বপ্নীল পাল আৰু জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:77th independence day : দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশ ল’ব ৰহম চেনী, অনামিকা ভূঞাই

"Mission Thoughtful Tinsukia" শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে জিলাখনত থকা বিশেষভাৱে সক্ষম সকলোৱে যাতে বিশেষভাৱে সক্ষমৰ প্ৰমাণপত্ৰ লাভ কৰে তাৰ বাবে স্থানতেই চিকিৎসকে চিকিৎসা কৰি প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় ৷ এই অনুষ্ঠানৰ জৰিয়তে আগন্তুক দিন সমূহত এনে লোকসকলে চৰকাৰী সুবিধা লাভ কৰাৰ পৰা বঞ্চিত নহ'ব বুলি আশা কৰা হৈছে ৷ আগন্তুক দিন সমূহত এই জিলাখনত থকা সকলো এনে লোকে যাতে প্ৰমাণপত্ৰ লাভ কৰে তাৰ বাবে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সকলো বিধায়কক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনোৱাৰ লগতে জিলা আয়ুক্তৰ এনে পদক্ষেপক আদৰণি জনাইছে ৷

লগতে পঢ়ক:Constituency Delimitation: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰত পৰৱৰ্তী কাম-কাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.