তিনিচুকীয়া, 20 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ বাৰেকুৰিস্থিত লেছেংকা গাঁৱত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী সমাৰোহৰ দেওবাৰে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ যায় । এই ৰূপালী জয়ন্তী সমাৰোহৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী সুস্মিতা ওৰফে পাৰবিন চুলতানাই।
উল্লেখ্য যে, ২৫ টা বসন্ত গৰকা বাৰেকুৰি আঞ্চলিক যুৱ সংঘ এনেকুৱা এটা সংগঠন যি কেৱল এটা অঞ্চলত সীমাবদ্ধ যদিও সমগ্ৰ অসমীয়াৰ হৈ বিভিন্ন সময়ত মাত মাতি আহিছে । ক্ৰীড়া,সাংস্কৃতিক,শিক্ষা সকলো দিশতে বাৰেকুৰি যুৱ সংঘই অঞ্চলটোত আগবঢ়াই নিছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল, ফেনচিং, হকী খেলুৱৈও এই সংঘৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে ।
১৮,১৯ আৰু ২০ ডিচেম্বৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানৰ দেওবাৰে তৃতীয় দিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা অতি মনোগ্ৰাহী আৰু আটকধুনীয়াভাৱে সমাপন হয়।
লগতে পঢ়ক : ৰঙিয়াস্থিত এছএছবি ক্ষেত্ৰীয় কাৰ্যালয়ত বাহিনীটোৰ 57তম প্ৰতিষ্ঠা দিৱস পালন