ETV Bharat / state

Shakti Super she: মহিলা সৱলীকৰণৰ লক্ষ্যৰে ৰাজগড়ত "Shakti Super she" অভিযানৰ সভা - কেন্দ্ৰীয় যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া

ৰাজগড় আলি চাহ বাগিচাত অনুষ্ঠিত "Shakti Super she" অভিযানৰ ৰাজহুৱা সভাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক তথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰভাৰীকৃষ্ণ আলাভাৰু উপস্থিত থাকে ।

Shakti Super she abhiyaan at rajgarh ali tea estate in makum tinsukia
মহিলা সবলীকৰণ অভিযান
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 1:34 PM IST

মহিলা সবলীকৰণ অভিযান

তিনিচুকীয়া, ১৬ নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত নিখিল ভাৰত যুৱ কংগ্ৰেছে মহিলা সৱলীকৰণ "Shakti Super she" ৰ অভিযানেৰে সাধাৰণ মহিলাসকলক ৰাজনৈতিক ক্ষেত্ৰত সহজে যোগদান কৰি সুকীয়া স্থান দখল কৰাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । তেনে এক মহান উদ্দেশ্য আগত ৰাখি বুধবাৰে সন্ধিয়া মাকুম বিধানসভা সমষ্টিৰ ৰাজগড় আলি চাহ বাগিচাত অসম প্ৰদেশ কংগ্ৰেছ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবলু কুলদ্বীপৰ নেতৃত্বত মহিলা সৱলীকৰণ "Shakti Super she" ৰ অভিযানৰ এক বিশাল সভা আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক তথা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰভাৰী কৃষ্ণ আলাভাৰুক সাংস্কৃতিক নৃত্য দলে উষ্ম আদৰণি জনায় । সভাত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন ধৰণৰ সমস্যাসমূহৰ ওপৰত উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰা হয় ৷ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, বিদ্যুৎ মাচুলৰ বৃদ্ধি, ৰন্ধন গেছৰ বৰ্ধিত মূল্য, ৰাজ্যৰ আশা কৰ্মীসকলৰ মজুৰিৰ ওপৰত আলোচনা কৰা হয় । GST ৰ প্ৰভাৱে জনসাধাৰণক জুৰুলা কৰি পেলোৱাত উক্ত অনুষ্ঠানৰ অন্তত GST ক গব্বৰ সিং টেক্স আখ্যা প্ৰদান কৰে AICC ৰ যুটীয়া সম্পাদক কৃষ্ণ আলাভাৰুয়ে ।

ডিব্ৰুগড়েই হওক বা দেশৰ যি ঠাইতেই সভা নহওক কিয় সুস্থ আৰু সবলতাৰে যুজঁ দি আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত থকাৰ লগতে অনাগত নিৰ্বাচনত সফলতা অর্জন কৰিহে এৰিব বুলি মন্তব্য প্ৰদান কৰে কৃষ্ণ আলাভাৰুৱে । অনুষ্ঠানৰ শেষত কেইবাগৰাকী বৃদ্ধা মহিলাক কম্বল বিতৰণ কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৃষ্ণ আলাভাৰু, অসম প্ৰদেশ কংগ্ৰেছ তিনিচুকীয়া জিলাৰ সভাপতি প্ৰণৱ বৰুৱা, ডুমডুমা সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুৱেৰ ৰহমান, উপ-সভাপতি ডেভিড ফুকন, মহিলা কংগ্ৰেছ তিনিচুকীয়া সমিতিৰ শোভালতা দহোতীয়া, Shakti Super she সমিতিৰ ৰাজ্যিক প্ৰভাৰী প্ৰতিমা তাছা, শিৱ নাথ চেতিয়াকে প্ৰমুখ্য কৰি কংগ্ৰেছ দলৰ দলীয় কৰ্মীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : shakti super she: স্বাধীনতা দিৱসত যুৱ কংগ্ৰেছৰ মহিলা সবলীকৰণ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.