ETV Bharat / state

মূলসুঁতিলৈ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম

author img

By

Published : Oct 16, 2021, 7:49 PM IST

আত্মসমৰ্পন কৰিলে আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসমে ৷ শনিবাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে অলফা স্বাধীনৰ জ্যেষ্ঠ সদস্য গৰাকীয়ে ৷

Senior ulfa cadre Himalaya Asom surrender
মূলসুঁতিলৈ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম

তিনিচুকীয়া, 16 অক্টোবৰ : আত্মসমৰ্পন কৰিলে আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম ওৰফে যোগেন মিলিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, অলফা স্বাধীনৰ জ্যেষ্ঠ সদস্য গৰাকীয়ে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে ৷ আলফা সদস্য গৰাকীৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত ৷

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকক দেৱজিৎ দেউৰীয়ে জানিবলৈ দিয়া মতে, স্বাস্থ্যজনিত কাৰণত মূলসুঁতিলৈ উভতি আহিছে জ্যেষ্ঠ আলফা কেডাৰ গৰাকী ৷ তদুপৰি আলফা সদস্য গৰাকীয়ে ম্যানমাৰত থকা আলফাৰ GHQৰ পৰা পলায়ন কৰি আহিছে বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

লগতে পঢ়ক: APDCL কেলেংকাৰী : পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জেৰাৰ সন্মুখিন হ'ব প্ৰাৰ্থী

উল্লেখ্য যে, হিমালয় অসমৰ পত্নী-কন্যা এতিয়াও ম্যানমাৰতে আছে বুলি জানিবলৈ পৰা গৈছে ৷ ১৯৯৬ চনত আলফাত যোগদান কৰিছিল হিমালয় অসমে ৷

আত্মসমৰ্পনৰ সময়ত হিমালয় অসমে কোনো ধৰণৰ অস্ত্ৰ-সস্ত্ৰ তিনিচুকীয়া আৰক্ষীৰ ওচৰত জমা দিয়া নাই বুলি জানিবলৈ দিছে তিনিচুকীয়া আৰক্ষীৰ অধীক্ষকে ৷ আত্মসমৰ্পনৰ পাচতে হিমালয় অসমক ফুলাম গামোচাৰে আদৰণি জনাই তিনিচুকীয়া আৰক্ষীয়ে ৷ ইফালে, জ্যেষ্ঠ সদস্য গৰাকীৰ আত্মসমৰ্পন সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা আলফা স্বাধীনে ৷

লগতে পঢ়ক: কেন্দ্ৰই ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে : ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.